স্পৰ্টছ ডেস্ক, 2 জুনঃদেশত বৰ্তমানো অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপ । লক ডাউনৰ ফলতেই যথেষ্ট সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছিল বিভিন্ন ৰাজ্যৰ পৰা অহা বহু প্ৰব্ৰজিত শ্ৰমিকসকল । শেহতীয়াকৈ এনে দৰিদ্ৰ প্ৰব্ৰজিত লোকলৈ সহায়ৰ হাত আগবঢ়াইছে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ মহম্মদ শ্বামীয়ে ।
উত্তৰ প্ৰদেশৰ নিজ বাসগৃহৰ নিচেই কাষত সাহসপুৰত খাদ্য় যোগান কেন্দ্ৰ স্থাপন খেলুৱৈগৰাকীৰ । বহু দৰিদ্ৰ লোকক খাদ্য বিতৰণ কৰাৰ লগতে বিভিন্নজনৰ মাজত মাস্কও বিতৰণ কৰিছে খেলুৱৈগৰাকীয়ে। আনহাতে 24 নং ৰাষ্ট্ৰীয় ঘাইপথৰে যোৱা যাত্ৰী সকলকো খাদ্য়ৰ টোপোলা যোগান ধৰিছে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ।