স্পৰ্টছ ডেস্ক, 8 এপ্ৰিল : এবি ডি ভিলিয়াৰ্ছ আৰু বিৰাট কোহলীয়ে টুইটাৰত এক ধেমেলীয়া কথোপকথন কৰাৰ পাচতে তেওঁলোকক প্ৰত্যুত্তৰ দিছে অলিম্পিক স্প্ৰীন্ট চেম্পিয়ন ওছেইন বল্টে ৷ ওছেইন বল্টে এক টুইটৰ জৰিয়তে ভিলিয়াৰ্ছ আৰু বিৰাটক কয় যে, তেওঁ এতিয়াও বিশ্বৰ দ্ৰুতবেগী ব্যক্তি বুলি উল্লেখ কৰে ৷
বল্টে RCB ৰ এটা জাৰ্ছী পৰিধান কৰি নিজৰ ছিগনেচাৰ চেলিব্ৰেছন ষ্টাইলত এখন ফটো টুইটাৰত শ্বেয়াৰ কৰে ৷
বুধবাৰে টুইটত তেওঁ কয়, "চেলেঞ্জাৰ্ছ, আপোনালোকক জনাওঁ যে, মই এতিয়াও দ্ৰুতবেগী হৈ আছো ৷ @imVkohli @ABdeVilliers17 @RCBTweets,"