অসম

assam

ETV Bharat / sports

ৰাজ্যত ক্ৰিকেটৰ আন্তঃগাথনি উন্নয়ন কৰাৰ পদক্ষেপ অসম ক্ৰিকেট সন্থাৰ - অসম ক্ৰিকেট সন্থা

আমিনগাঁৱত স্থাপন কৰা হ'ল নতুন ক্ৰিকেট গ্ৰাউণ্ডৰ পেভিলিয়নৰ আধাৰশীলা । অসমত ক্ৰিকেটৰ আন্তঃগাথনি উন্নত কৰাৰ বাবেই এই পদক্ষেপ অসম ক্ৰিকেট সন্থাৰ । নগাঁও, তিনিচুকীয়াতো শীঘ্ৰেই আৰম্ভ কৰা হ'ব নতুন ক্ৰিকেট গ্ৰাউণ্ড স্থাপনৰ কাম ।

The Assam Cricket Association has taken steps to improve the cricket infrastructure in Assam
The Assam Cricket Association has taken steps to improve the cricket infrastructure in Assam

By

Published : Jun 11, 2020, 1:42 PM IST

Updated : Jun 11, 2020, 1:56 PM IST

স্পৰ্টছ ডেস্ক, 11 জুনঃ অসমৰ ক্ৰিকেট খেলুৱৈৰ বাবে সুঃখবৰ । আমিনগাওঁত স্থাপন কৰা হ'ল নতুন ক্ৰিকেট গ্ৰাউণ্ডৰ আধাৰশীলা । অসম ক্ৰিকেট সন্থা আৰু কামৰূপ গ্ৰাম্য জিলা প্ৰশাসনৰ যুঁটিয়া সহযোগত আমিনগাঁৱত স্থাপন কৰা হয় নতুন ক্ৰিকেট গ্ৰাউণ্ডৰ পেভিলিয়নৰ আধাৰশীলা ।

বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰে এই কথা জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাই । অনাগত দিনত অসমৰ উদীয়মান ক্ৰিকেট খেলুৱৈ সকলক এই গ্ৰাউণ্ডে যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে । চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহলৈ এই পেভিলিয়নৰ কাম সম্পূৰ্ণ ৰূপে সমাপ্ত হৈ ক্ৰিকেট মেচ আয়োজনৰ বাবে সাজু হৈ উঠিব বুলি অনুমান কৰা হৈছে । মাৰ্চ মাহতে এই ক্ৰিকেট গ্ৰাউণ্ড আৰু পেভিলিয়নৰ কাম আৰম্ভ হোৱাৰ কথা আছিল যদিও দেশজুৰি চলা লক্ ডাউনৰ ফলতেই পলম হৈ আছিল । শেহতীয়াকৈ পূজা-অৰ্চনা, নীতি-নিয়মৰ মাজৰে বুধবাৰে ইয়াৰ আধাৰশীলা স্থাপন কৰা হয় ।

এই অনুষ্ঠানত উপস্থিত থাকে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া, কামৰূপ গ্ৰাম্যৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথী মহন্ত, অতিৰিক্ত জিলা উপায়ুক্ত প্ৰশান্ত কাঠকটিয়া, অসম ক্ৰিকেট সন্থাৰ যুঁটীয়া সম্পাদক কামাখ্য়া শইকীয়াকে ধৰি বহু ক্ৰিকেট অনুৰাগী । শীঘ্ৰেই নগাঁও আৰু তিনিচুকীয়াটো নতুন ক্ৰিকেট গ্ৰাউণ্ড স্থাপনৰ কাম আৰম্ভ কৰা হ'ব বুলি এই প্ৰেছ বিজ্ঞপ্তিত জানিবলৈ দিয়ে ।

পেভিলিয়নৰ নক্সা
অসম ক্ৰিকেট সন্থাৰ প্ৰেছ বিজ্ঞপ্তি
Last Updated : Jun 11, 2020, 1:56 PM IST

ABOUT THE AUTHOR

...view details