গুৱাহাটী, ৯ মাৰ্চ: আজি ভাৰত - ইংলেণ্ড মহিলা ক্ৰিকেটৰ তৃতীয় তথা অন্তিম খন টি- ২০ মেচ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । প্ৰথম দুখন মেচত লজ্জাজনক পৰাজয়বৰণ কৰাৰ পাছত আজিৰ মেচখন সন্মান ৰক্ষাৰ যুঁজ হিচাপে চিহ্নিত হৈ পৰিছে ভাৰতীয় দলৰ বাবে । শৃংখলাত ২-০ ত পিছপৰি থকাৰ পাছত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ'ব লগা আজিৰ মেচত সান্তনাৰ জয় লাভ কৰাৰ আপ্ৰাণ চেষ্টা চলাব ভাৰতীয় দলটোৱে ।
আজি সন্মান ৰক্ষাৰ যুঁজত ভাৰত - ETV BHARAT
আজি ভাৰত - ইংলেণ্ড মহিলা ক্ৰিকেটৰ তৃতীয় তথা অন্তিম খন টি- ২০ মেচ দিনৰ ১১ বজাৰ পৰা বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । আজিৰ মেচখন সন্মান ৰক্ষাৰ যুঁজ হিচাপে চিহ্নিত হৈ পৰিছে ভাৰতীয় দলৰ বাবে ।
3rd T-20
উল্লেখ্য যে, ভাৰতৰ দুৰ্বল বেটিং লাইনআপে প্ৰথম দুয়োখন মেচতে অনুৰাগীক হতাশ কৰাৰ লগতে ১২০ ৰাণৰ লক্ষ্যও অতিক্ৰম কৰিবলৈ সক্ষম নহয় । ভাৰতীয় দলৰ মূখ্য অধিনায়ক হৰমনপ্ৰীত কৌৰে আঘাটৰ পৰা আৰোগ্য হৈ উঠা নাই আৰু ভাৰপ্ৰাপ্ত অধিনায়ক স্মৃতি মন্দানাই দুয়োখন মেচতে ক্ৰমান্নয়ে ২ আৰু ১২ ৰাণহে কৰিবলৈ সক্ষম হৈছে ।