অসম

assam

By

Published : Jul 6, 2020, 2:57 PM IST

ETV Bharat / sports

সুযোগ লাভ কৰিলে ছেহৱাগ নহয় ৰোহিতৰ দ্বাৰা অ'পেনিং কৰাব গাংগুলীয়ে !

গাংগুলীয়ে শেহতীয়াকৈ এক প্ৰশ্নৰ উত্তৰত কয়, 2003 বিশ্বকাপত তেওঁ বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু জছপ্ৰীত বোমৰাহক তেওঁৰ দলত অন্তৰ্ভুক্ত কৰিলে হয় ।

sourav ganguly picks rohit sharma instead of virendra sehwag in 2003 world cup team
sourav ganguly picks rohit sharma instead of virendra sehwag in 2003 world cup team

স্পৰ্টছ ডেস্ক, 6 জুলাই: ভাৰতীয় প্ৰাক্তন অধিনায়ক আৰু বৰ্তমানৰ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে দেওবাৰে উল্লেখ কৰে যে, 2019 বিশ্বকাপৰ তিনিগৰাকী খেলুৱৈক তেওঁ তেওঁৰ 2003 বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰিব বিচাৰিব । ময়ংক আগৰৱালৰ সৈতে হোৱা লাইভ চেটত এটা প্ৰশ্নৰ উত্তৰত গাংগুলীয়ে বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু জছপ্ৰীত বুমৰাহক তেওঁৰ 2003 বিশ্বকাপৰ দলত অন্তভুক্ত কৰিলে হয় বুলি উল্লেখ কৰে ।

গাংগুলীৰ দলত বিৰাট, ৰোহিত, বুমৰাহ

গাংগুলীয়ে কয়, বুমৰাহ এগৰাকী প্ৰতিভাৱান, শ্ৰেষ্ঠ বলাৰ । আমি দক্ষিণ আফ্ৰিকাত বিশ্বকাপ খেলিছিলো যিহেতু মই ৰোহিত শৰ্মাক অ'পেনিং কৰিবলৈ দিলো হয় । মই তৃতীয় নম্বৰত অৱতীৰ্ণ হ'লো হয় । মই নাজানো ছেহৱাগে এই কথা শুনি আছে নে নাই কিন্তু শুনাৰ পাচত হয়তো মোলৈ তেওঁৰ ফোনক'ল আহিব ।

গাংগুলীয়ে লগতে কয়, যদি আন এটা বিকল্প দিয়া হয় তেন্তে মই মহেন্দ্ৰ সিং ধোনীকো দলত ৰাখিলো হয় । কিন্তু মোক তিনিগৰাকীৰ বিকল্প দিয়া হৈছে । এনে পৰিস্থিতিত মই দ্ৰাৱিড়কেই উইকেটকীপিঙৰ বাবে ৰাখিম । কাৰণ বিশ্বকাপত দ্ৰাৱিড়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে ।

সৌৰভ গাংগুলী

উল্লেখ্য যে, 2019 বিশ্বকাপত ৰোহিতে পাঁচটা শতক লগবালৈ সক্ষম হৈছিল । আনহাতে বিশ্বকাপত আটাইতকৈ বেছি শতক লগোৱা বেটছমেনৰো অভিলেখ ৰচিছিল ৰোহিতে ।

গাংগুলীয়ে লগতে কয়, সেই সময়ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হোৱাটোও এক ডাঙৰ কথা আছিল । তেওঁৰ নেতৃত্বত 2002 চনত নেটৱেষ্ট শৃংখলাৰ ঐতিহাসিক জয়ৰ পাচতেই দলটোৱে অধিক শক্তিশালী হিচাপে বিকশিত হৈছিল । সেই সময় খিনি সুন্দৰ আছিল । মহান মেচ সমূহৰ ভিতৰত সেইটো এখন অন্য়তম আছিল যাৰ অংশীদ্বাৰ মইয়ো আছিলো ।

ABOUT THE AUTHOR

...view details