নিউজ ডেস্ক,৩০ জুলাই:বুধবাৰে আফ্ৰিদিয়ে টুইটাৰত নিজৰ প্ৰশংসক সকলৰে হোৱা এক প্ৰশ্নোত্তৰ শিতানত এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে প্ৰশ্ন কৰিছিল, আপোনাৰ দৃষ্টিত ধোনী আৰু পণ্টিঙৰ ভিতৰত কোনজন ভাল অধিনায়ক আছিল ?
উত্তৰত পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ গৰাকীয়ে ক'লে,মই ধোনীক পণ্টিঙতকৈ কিছু ওপৰত ৰাখিছো, কিয়নো তেওঁ যুৱ খেলুৱৈক লৈ এটা নতুন দল গঠন কৰিছিল ।
ধোনীয়ে এতিয়ালৈকে শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বোচ্চ ১৮৩ ৰাণ সংগ্ৰহ কৰি ৩৫০খন এদিনীয়া খেল খেলিছে । তাৰোপৰি আইচিচিৰ সকলো ট্ৰফি (৫০অভাৰৰ বিশ্বকাপ, টি২০আই, চেম্পিয়ন ট্ৰফি) জয়ী হোৱা দলৰ একমাত্ৰ অধিনায়ক আছিল । ধোনীয়ে ২০১৪ চনলৈকে ৯০খন টেষ্ট মেচত ৪,৮৭৬ ৰানেৰে গড়ে ৩৮.০৯ ৰান সংগ্ৰহ কৰিছিল ।
লক্ষণীয় কথাটো এয়ে যে, অন্য কোনো এজন ক্ৰিকেটাৰে আন্তৰাষ্ট্ৰীয় খেলত ধোনীতকৈ অধিক নেতৃত্ব দিব পৰা নায় । এই গৰাকী উইকেট কিপাৰ তথা সুন্দৰ বেটচমেনে ৩৩২খন (টেষ্ট, এদিনীয়া আৰু টি২০আই) খেলত ভাৰতক নেতৃত্ব দিছিল, য'ত ভাৰতে ১৭৮ খনত জয়ী, ১২০খনত পৰাজয়, ৬খনত টাই আৰু ১৫খন খেল ড্ৰ' খেলিছিল ।