স্পৰ্টছ ডেস্ক, 4 মাৰ্চ :আইচিচি মহিলা টি20 বেটিং ৰেংকিঙত 19 স্থান অগ্ৰগতিৰে শীৰ্ষস্থানত উপনীত হৈছে ভাৰতৰ 16 বছৰীয়া বেটিং তাৰকা মহিলা ক্ৰিকেট খেলুৱৈ ছাফালি বৰ্মাই ৷ 2018ৰ অক্টোবৰ মাহৰ পৰাই শীৰ্ষস্থান অধিকাৰ কৰি থকা নিউজিলেণ্ডৰ চুজি বেটছক অৱনমিত কৰি এই স্থানত উপনীত হয় ছাফালিয়ে ৷
মাত্ৰ 18খন টি20 খেল খেলিয়ে মহিলা ক্ৰিকেটৰ টি20 সংস্কৰণত এইদৰে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয় ভাৰতীয় তাৰকা খেলুৱৈগৰাকীয়ে ৷
গড়ে 146.96 ষ্ট্ৰাইক ৰেটেৰে টি 20 খেলত 485 ৰান কৰে ছাফালিয়ে ৷ আইচিচি টি20 মহিলা বিশ্বকাপত এতিয়ালৈকে ছাফালিয়ে 161 ৰান কৰিছে আৰু শ্ৰীলংকাৰ বিৰুদ্ধে সৰ্বাধিক 47 ৰানৰ স্ক'ৰ কৰিছিল ৷ আনহাতে দুটাকৈ স্থান অৱনমিত হৈ ভাৰতৰ স্মৃতি মান্ধানাই ষষ্ঠ স্থানত থকাৰ বিপৰীতে একেদৰেই দুটাকৈ স্থান অৱনমিত হৈ নৱন স্থানত আছে জেমিমাহ ৰডৰিগজে ৷
বলাৰৰ ৰেংকিংত থকা খেলুৱৈসকল চলিত আইচিচি মহিলা টি20 বিশ্বকাপৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত চাৰিটা উইকেট দখল কৰি বলিঙত অষ্টম স্থানত আছে ভাৰতৰ পুনম যাদৱ ৷ দিপ্তী শৰ্মা আৰু ৰাধা যাদৱে ক্ৰমে পঞ্চম আৰু সপ্তম স্থান দখল কৰিছে ৷ বলিঙৰ শীৰ্ষস্থানত আছে ইংলেণ্ডৰ 20 বছৰীয়া খেলুৱৈ ছফি ইকলেষ্টোন ৷
বেটছউইমেন ৰেংকিং তালিকাত থকা খেলুৱৈসকল আইচিচি মহিলা টি20 টীম ৰেংকিঙত 290 পইন্টেৰে শীৰ্ষস্থানত আছে অষ্ট্ৰেলিয়া আৰু 278 পইন্টেৰে দ্বিতীয় স্থানত আছে ইংলেণ্ড ৷ তালিকাত 266 পইন্টেৰে চতুৰ্থ স্থানত আছে ভাৰতীয় মহিলা ক্ৰিকেট দলটো ৷