স্পৰ্টছ ডেস্ক, 11 জুনঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আইচিচিৰ দ্বাৰা বলত থু অথবা চালাইভা ব্যৱহাৰৰ নিষেধাজ্ঞা কৰাক লৈ এক সকীয়নি প্ৰদান কৰিছে পাকিস্তানৰ কিংবদন্তি খেলুৱৈ ৱাছিম আক্ৰামে । আক্ৰামে কৈছে ইয়াৰ দ্বাৰা বলাৰ সকল "ৰবট"ৰ দৰে হৈ পৰিব ।
চালাইভাৰ নিষিদ্ধই বলাৰক ৰবট কৰি তুলিব : ৱাছিম আক্ৰাম সচৰাচৰে বলৰ চুইং লাভৰ বাবে ক্ৰিকেট মেচত বলাৰে তথা ফ্লিডিং কৰি থকা দলে বলত থুৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয় । বলৰ এটা কোণত উজ্জ্বলতা বজাই ৰাখি চুইং লাভৰ বাবে খেলুৱৈয়ে এই প্ৰক্ৰিয়াৰ অৱলম্বন কৰে ।
কিন্তু শেহতীয়াকৈ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ দিশটো লক্ষ্য ৰাখি আইচিচিয়ে চালাইভা ব্য়ৱহাৰৰ ওপৰত নিষধাজ্ঞা আৰোপ কৰিছে । অৱশ্য়ে এতিয়াও বলত ঘামৰ ব্য়ৱহাৰৰ অনুমতি দিয়া হৈছে ।
এই সন্দৰ্ভতেই চুইং অবিহনে বলাৰ সকল ৰবটৰ দৰে হৈ পৰিব বুলি মন্তব্য় প্ৰকাশ কৰিছে ৱাছিম আক্ৰামে । লগতে তেওঁৰ বাবে এইটো এটা অস্বভাৱিক পৰিস্থিতি বুলিও উল্লেখ কৰে প্ৰাক্তন খেলুৱৈগৰাকীয়ে ।
অৱশ্যে কঠিন সময়ত তেওঁ সুৰক্ষাৰ কথাটো গুৰুত্ব প্ৰদান কৰা বুলি উল্লেখ কৰি বলাৰক চুইং লাভৰ বাবে বলৰ পূৰণা হোৱালৈ অপেক্ষা কৰিব লাগিব বুলি কয় । ইপিনে কিছু কিছু দেশত ঠাণ্ডা হোৱাৰ বাবে চুইং লাভৰ বাবে ঘামৰ ব্য়ৱহাৰ কৰা সম্ভৱ নহ'ব আনহাতে ঘামৰ অতিপাত ব্য়ৱহাৰে বলটোক অধিক ভিজাই তুলিব বুলিও কয় আক্ৰামে ।
আইচিচিয়ে এই সন্দৰ্ভত আগন্তুক দিনত এটা যুক্তিপূৰ্ণ সমাধান উলিয়াব বুলি আশা প্ৰকাশ কৰিছে আক্ৰামে । লগতে কৃত্ৰিম পদাৰ্থৰ ব্যৱহাৰ কৰিব পৰা যায় নেকি তাৰ ওপৰতো চিন্তা কৰাৰ লগতে সীমিত পৰিমাণে বল টেম্পাৰিং কৰাৰ অনুমতি দিয়াৰ ওপৰতো বিবেচনা কৰিবলৈ আহ্বান জনাইছে খেলুৱৈগৰাকীয়ে । ক্ৰিকেট ইতিমধ্যে অধিক বেটছমেনৰ পক্ষত ঢাল খাইছে বুলিও কয় পাকিস্তানী প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ।
লগতে চাওকঃ ঢেকীয়াজুলি-ধিৰাই মাজুলী সংযোগী পথ নিৰ্মাণৰ দাবীৰে সৰৱ শ্ৰমিক নেতা