অসম

assam

ETV Bharat / sports

আই চি চিৰ ’হল অফ ফেম’ত অন্তৰ্ভুক্ত শচীন তেণ্ডুলকাৰ

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ ৷ আই চি চি ৰ ‘হল অফ ফেম’ত অন্তৰ্ভুক্ত হ’ল শচীন তেণ্ডুলকাৰ ৷

আই চি চিৰ ’হল অফ ফেম’ত অন্তৰ্ভূক্ত শচীন তেণ্ডুলকাৰ

By

Published : Jul 19, 2019, 12:03 PM IST

স্পৰ্টছ ডেস্ক, 19 জুলাইঃআই চি চি ৰ এক বিশেষ সন্মান ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক ৷ আই চি চি ৰ হল অফ ফেমত অন্তৰ্ভুক্ত হ’ল শচীনৰ নাম ৷ আই চি চিৰ হল অফ ফেমত অন্তৰ্ভুক্ত হোৱা ষষ্ঠজন ভাৰতীয় খেলুৱৈ হ’ল শচীন তেণ্ডুলকাৰ ৷ ইয়াৰ পূৰ্বে বিশ্বন সিং বেদী, কপিল দেৱ, সুনীল গাভাস্কাৰ, অনিল কুম্বলে আৰু ৰাহুল দ্ৰাৱিড়ক এই সন্মান দিয়া হৈছিল ৷ শচীনৰ লগতে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰ এলন ড’নাল্ড আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন মহিলা খেলুৱৈ কেথৰীনক সন্মানিত কৰা হয় ৷

আই চি চিয়ে টুইট কৰি টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান, আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 100 টা শতক ৷ লেজেণ্ড টাৰ্মটো তেওঁৰ বাবে ন্যায় নহয় বুলি উল্লেখ কৰি আই চি চিয়ে হল অফ ফেমৰ কথা সদৰি কৰে ৷ উল্লেখ্য যে, 16 বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত পদাৰ্পণ কৰিছিল শচীনে ৷ শচীনৰ নামত 200 খন টেষ্ট মেচত 15921 ৰান আৰু 463 খন এদিনীয়াত আছে 18426 ৰান ৷

ABOUT THE AUTHOR

...view details