অসম

assam

ETV Bharat / sports

ৰাঁচী টেষ্ট : ভাৰতক জয় বাবে প্ৰয়োজন দুই উইকেটৰ - ৰাঁচী টেষ্টত শক্তিশালী স্থিতিত ভাৰত

ৰাঁচী টেষ্টৰ তৃতীয় দিনৰ অন্তত 8 উইকেটৰ পতন দক্ষিণ আফ্ৰিকাৰ ৷ ফল অনৰ সন্মুখীন হয় ধৰাশায়ী বিদেশী দলটো ৷

ৰাঁচী টেষ্ট : ভাৰতক জয় বাবে প্ৰয়োজন দুই উইকেটৰ

By

Published : Oct 21, 2019, 7:02 PM IST

স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ: ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰাঁচী অনুষ্ঠিত হৈ থকা অন্তিমখন টেষ্টত শক্তিশালী স্থিতিত ভাৰত ৷ তিনিখন মেচৰ টেষ্ট শৃংখলাত ক্লীন চুইপৰ সুযোগ ভাৰতৰ ৷ মাত্ৰ দুটা উইকেটৰ প্ৰয়োজন বিৰাট বাহিনী নেতৃত্বাধীন ভাৰতীয় দলটোক ৷ ভাৰতৰ 497 ৰানৰ প্ৰথম ইনিংছৰ বিনিময়ত দক্ষিণ আফ্ৰিকাৰ দলটোৱে প্ৰথম ইনিংছত 162 ৰানত অল আউট হোৱাৰ বিপৰীতে দ্বিতীয় ইনিংছটো 132 ৰানত হেৰুৱাইছে নিজৰ 8 টা উইকেট ৷ ভাৰতে 9 উইকেট হেৰুৱাই 497 ৰানত ইনিংছ ঘোষণা কৰিছিল ৷ ভাৰতৰ এই বিশাল স্ক’ৰত মুখ্য ভূমিকা পালন কৰিছিল ৰোহিত শৰ্মাৰ 212 ৰান,অজ্যিংকা ৰাহানেৰ 115 ৰান,ৰবিন্দ্ৰ জাডেজাৰ 51 ৰানৰ লগতে উমেশ যাদৱৰ 10টা বলত বিস্ফোৰক 31 ৰানৰ ইনিংছে ৷ দক্ষিণ আফ্ৰিকাৰ হৈ জৰ্জী লিণ্ডেই সৰ্বাধিক 4 টা আৰু কাগিছ ৰাবাডাই 3 টা উইকেট দখল কৰিছিল ৷

ৰাঁচী টেষ্টত শক্তিশালী স্থিতিত ভাৰত

ইপিনে দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত (162 ৰান) জুৱায়েৰ হামজাই সৰ্বাধিক 62,টেম্বা বাবুমাই 32 আৰু জৰ্জী লিণ্ডেই 37 ৰান কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ উমেশ যাদৱে 3 টা,মহম্মদ শামী,শ্বাহবাজ নদিম আৰু ৰবিন্দ্ৰ জাডেজাই 2 টাকৈ উইকেট দখল কৰে ৷ আনহাতে দ্বিতীয় ইনিংছতো দক্ষিণ আফ্ৰিকাৰ দলটোৱে ভাৰতৰ শক্তিশালী বলিঙৰ আগত তচনচ হৈ পৰে ৷ দলটোৰ এজন বেটছমেনে অৰ্ধশতকৰ ঘৰ চুবলৈ সক্ষম নহয় ৷ বৰ্তমান থেউনিছ ডি ব্ৰুৱেনে সৰ্বাধিক 30 ৰান কৰি ক্ৰীজত অধিষ্ঠিত আছে ৷ ভাৰতৰ হৈ মহম্মদ ছামীয়ে 3 টা, উমেশ যাদৱে 2 টা, ৰবিন্দ্ৰ জাডেজা আৰু আশ্বিনে 1 টাকৈ উইকেট লাভ কৰিছে ৷ ভাৰতে বিশাখাপট্টনম টেষ্টত 203 ৰান আৰু পুনে টেষ্টত এটা ইনিংছসহ 137 ৰানত জয় লাভ কৰিছিল ৷

  • ভাৰতৰ প্ৰথম ইনিংছ-497/9 ইনিংছ ঘোষণা ( ৰোহিত শৰ্মা-212, আজ্য়িংকা ৰাহানে- 115 )
  • দক্ষিণ আফ্ৰিকা প্ৰথম ইনিংছ-162 অল আউট ( জুৱায়েৰ হামজা-62, টেম্বা বাবুমা-32 )
  • দক্ষিণ আফ্ৰিকা দ্বিতীয় ইনিংছ-132/ 8 উইকেট (থেউনিছ ডি ব্ৰুৱেন- 30*, এনৰিক নৰ্টজে- 5* )

ABOUT THE AUTHOR

...view details