অসম

assam

ETV Bharat / sports

খেলপথাৰত নহয় এইবাৰ বিচিচিআইত চলিব সৌৰভৰ ‘‘দাদাগিৰী’’

বিচিচিআইৰ অধ্যক্ষ পদত নিযুক্ত হ’ল ভাৰতৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ৷ বিচিচিআইৰ অধ্যক্ষ পদত নিযুক্ত হোৱা দ্বিতীয়গৰাকী ক্ৰিকেটাৰ গাংগুলী ৷ আই পি এলৰ চেয়াৰমেন ৰাজীৱ শুক্লাই সদৰী কৰিলে এই কথা ৷ অৱশ্যে অহা 23 অক্টোবৰতে আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা হ’ব এই কথা ৷

খেলপথাৰত নহয় এইবাৰ বিচিচিআইত চলিব সৌৰভৰ ‘‘দাদাগিৰী’’

By

Published : Oct 14, 2019, 8:53 PM IST

স্পৰ্টছ ডেস্ক, 14 অক্টোবৰঃ পুনৰ ক্ৰিকেটত চলিব ভাৰতীয় প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ ‘‘দাদাগিৰী’’ ৷ বিচিচিআইৰ অধ্যক্ষ পদৰ বাবে ইতিমধ্যে নিযুক্ত কৰা হ’ল ভাৰতৰ প্ৰাক্তন খেলুৱৈগৰাকীক ৷ 65 বছৰৰ পিচত দ্বিতীয়বাৰৰ বাবে এজন ক্ৰিকেটাৰে লাভ কৰিছে বিচিচিআইৰ অধ্যক্ষ পদ ৷ আই পি এলৰ চেয়াৰমেন ৰাজীৱ শুক্লাই এক মন্তব্যত সদৰী কৰিছে এই কথা ৷

ৰাজীৱ শুক্লা

অৱশ্যে অহা 23 অক্টোবৰত হে আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হ’ব এই কথা ৷ দেওবাৰে অনুষ্ঠিত এক বৈঠকত বিচিচিআইৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচিত কৰা হয় গাংগুলীক ৷

ইয়াৰ পাচতেই গাংগুলীয়ে কয়,

মই এই পদত অধিষ্ঠিত হ’বলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছো ৷ মোৰ বাবে এইটো এক কঠিন প্ৰত্যাহ্বান কাৰণ যি সময়ত বিচিচিআইৰ ছবি বেয়া হৈছে সেই সময়তে মই দায়িত্বভাৰৰ সুযোগ লাভ কৰিছো ৷ নিজৰ ক্ৰিকেটৰ দিন সুঁৱৰি গাংগুলীয়ে ক’লে অধিনায়কৰ দায়িত্বভাৰো এক কঠিন সময়ত লাভ কৰিছিলো যেতিয়া ভাৰতীয় দলটো মেচ ফিক্সিঙৰ অভিযোগত জৰ্জৰিত হৈছিল ৷ পুনৰ একে পৰিস্থিতত যি সময়ত বিচিচিআইৰ ছবি বেয়া হৈছে সেই কঠিন সময়ত মই দায়িত্বভাৰ লাভ কৰিছো ৷

-

সৌৰভ গাংগুলী

ইয়াৰ লগতে গাংগুলীয়ে কয়, মোৰ প্ৰাৰম্ভিক পদক্ষেপ হ’ব প্ৰথম শ্ৰেণীৰ ক্ৰিকেটক অধিক অগ্ৰাধিকাৰ দিয়া ৷ উল্লেখ্য যে, অহা জুলাই মাহৰ পৰ্যন্ত এই পদত অধিষ্ঠিত থাকিব ভাৰতৰ প্ৰাক্তন খেলুৱৈগৰাকী ৷

ABOUT THE AUTHOR

...view details