অসম

assam

ETV Bharat / sports

ফোনযোগে সৌৰভ গাংগুলীৰ স্বাস্থ্যৰ বুজ ললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ সৈতে ফোনত বাৰ্তালাপ কৰে ৷ সৌৰভ গাংগুলীৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে ফোনত বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

PM Narendra Modi calls up Sourav Ganguly to know about his health
ফোনযোগে সৌৰভ গাংগুলীৰ স্বাস্থ্যৰ বুজ ললে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

By

Published : Jan 3, 2021, 10:44 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে BCCI ৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ সৈতে ফোনত বাৰ্তালাপ কৰে ৷ সৌৰভ গাংগুলীৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে ফোনত বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

সৌৰভ গাংগুলীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জনাই যে, তেওঁৰ স্বাস্থ্য বৰ্তমান পূৰ্বতকৈ উন্নত ৷ প্ৰধানমন্ত্ৰী মোডীয়ে সৌৰভ গাংগুলীৰ পত্নী ডনা গাংগুলীৰ সৈতেও ফোনত বাৰ্তালাপ কৰে ৷

উল্লেখ্য যে, শনিবাৰে BCCI ৰ অধ্যক্ষ গৰাকীয়ে সামন্য বুকুৰ বিষ অনুভৱ কৰাৰ লগতে মুৰৰ বিষ আৰু বমি অনুভৱ কৰে ৷ লগে লগে তেওঁলোকৰ পৰিয়ালৰ চিকিৎসকক অৱগত কৰাৰ পিচত চিকিৎসক গৰাকীয়ে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পৰামৰ্শ প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত তেওঁক কলিকতাৰ উডলেণ্ড চিকিৎসালয় ভৰ্তি কৰা হয় ৷

উল্লেখ্য যে, BCCI ৰ অধ্যক্ষ গৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে ডনা গাংগুলীৰ সৈতে বাৰ্তালাপ কৰে ৷

লগতে পঢ়ক :মৰাণ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত মাঘী মেলাৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details