স্পৰ্টছ ডেস্ক, 20 নৱেম্বৰ :আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণৰ বাবে আন্তৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে খেলুৱৈসকলৰ বাবে এক ন্যূনতম বয়সৰ সীমা ধাৰ্য কৰি দিছে ৷ সেই অনুসৰি, ক্ৰিকেটাৰৰ বয়স 15 বছৰ হোৱাটো বাঞ্চনীয় ৷
আইচিচিয়ে এক বিবৃতিত কয়, "আইচিচি ইভেন্ট, দ্বিপাক্ষিক ক্ৰিকেট আৰু U19 ক্ৰিকেটত অংশগ্ৰহণ কৰা ক্ৰিকেটাৰৰ বাবে আইচিচিয়ে এক ন্যূনতম বয়সৰ সীমা ধাৰ্য কৰি দিছে ৷ পুৰুষ, মহিলা অথবা U19 ক্ৰিকেটাৰসকলৰ বয়স অতি কমেও 15 বছৰ হোৱাটো বাঞ্চনীয় ৷"
কিন্তু কোনো ব্যতিক্ৰমী পৰিস্থিতিত 15 বছৰৰ অনুৰ্ধৰ ক্ৰিকেটাৰক খেলিবলৈ অনুমতি প্ৰদান কৰিবলৈ হ'লে সেই দেশৰ বৰ্ডে আইচিচিক আবেদন জনাব লাগিব ৷
বিবৃতিত কোৱা হয়, "ব্যতিক্ৰমী পৰিস্থিতিত 15 বছৰ অনুৰ্ধৰ খেলুৱৈক অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰিবলৈ হ'লে সদস্য বৰ্ডে আইচিচিৰ ওচৰত আবেদন কৰিব লাগিব ৷ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'ব পৰাকৈ খেলুৱৈগৰাকী অভিজ্ঞ, মানসিকভাৱে সৱল হয় নে নহয় সেই সম্পৰ্কত আবেদনত উল্লেখ কৰিব লাগিব ৷"