অসম

assam

ETV Bharat / sports

আকৌ যাতে পুনৰাবৃত্তি নহয় ! কি কথাত এনেকৈ ভাৱিছিল ৱাৰ্ণাৰে..

লৰ্ড টেষ্টত জফ্ৰা আৰ্চাৰৰ ভয়ানক বাউঞ্চাৰে ষ্টিভ স্মিথক মূৰত আঘাত কৰাৰ পাচতেই শংকিত হৈ পৰিছিল অষ্ট্ৰেলিয়ান দলটোক ৷ মূৰত আঘাতৰ লগে-লগেই খেলপথাৰতে ঢলি পৰি গৈছিল খেলুৱৈগৰাকী ৷ সেই মূহুৰ্তৰ অনুভৱ ব্যক্ত কৰিলে ডেভিদ ৱাৰ্ণাৰে ৷

আকৌ যাতে পুনৰাবৃত্তি নহয় ! কি কথাত এনেকৈ ভাৱিছিল ৱাৰ্ণাৰে..
আকৌ যাতে পুনৰাবৃত্তি নহয় ! কি কথাত এনেকৈ ভাৱিছিল ৱাৰ্ণাৰে..

By

Published : Mar 16, 2020, 3:26 PM IST

স্পৰ্টছ ডেস্ক, 16 মাৰ্চ: এচেছ শৃংখলাৰ লৰ্ড টেষ্টত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈছিল অষ্ট্ৰেলিয়ান ক্ৰিকেট দল ৷ এচেছ শৃংখলাৰ লৰ্ড টেষ্টত ইংলেণ্ডৰ দ্ৰুতবেগী বলাৰ জফ্ৰা আৰ্চাৰৰ বিধ্বংসী বাউঞ্চাৰে আঘাত কৰিছিল ষ্টিভ স্মিথক ৷ বাউঞ্চাৰটোৱে মূৰত আঘাত কৰাত খেলপথাৰতে ঢলি পৰিছিল খেলুৱৈগৰাকী ৷ এই ঘটনাৰ সেই মূহুৰ্তৰ অনুভৱ ব্যক্ত কৰিলে অষ্ট্ৰেলিয়া দলৰ অ’পেনাৰ বেটছমেন ডেভিদ ৱাৰ্ণাৰে ৷ ৱাৰ্ণাৰে কয়, সেই সময়ত মনলৈ চিন্তা আহিছিল ৷ আকৌ যাতে পুনৰাবৃত্তি নহয় ! ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ক্ৰিকেটাৰ এক নতুন তথ্য চিত্ৰ ‘দ্য টেষ্ট’ প্ৰকাশিত কৰে এই কথা ৷

জফ্ৰা আৰ্চাৰ

উল্লেখ্য যে, 2014 চনৰ 25 নৱেম্বৰত ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত ছাউথ ৱেল্ছৰ বিৰুদ্ধে এখন মেচত ফিলিপ হিউজৰ মূৰত বল লগাৰ ফলত মৃত্যু হৈছিল প্ৰতিভাৱান খেলুৱৈগৰাকীৰ ৷

এচেছ শৃংখলা

ৱাৰ্ণাৰে লগতে কয়, এটা উচ্চ মানদণ্ডৰ বাউঞ্চাৰক সকলোৱে প্ৰশংসা কৰে ৷ কিন্তু তেনেকুৱা এটা বলেই যেতিয়া স্মিথক আঘাত কৰিছিল সেই সময়ত ৰোমন্থন হৈছিল ফিলিপ হিউজৰ মৃত্যুৰ ঘটনা ৷ ডিঙিত বল লগাৰ ফলতেই আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱতিবলগীয়া হৈছিল প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে ৷ লডৰ্ছৰ স্মিথৰ মূৰত বল ঘটনাটোৱে গোটেই অষ্ট্ৰেলিয়া দলটোক চিন্তিত কৰি তুলিছিল ৷

লৰ্ড টেষ্ট

কৰ’ণা ভাইৰাছ : হোটেলক স্থাস্পতাললৈ পৰিৱৰ্তন ৰ’নাল্ডোৰ

ABOUT THE AUTHOR

...view details