স্পৰ্টছ ডেস্ক, 21 নৱেম্বৰ : ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰ পিতৃ মহম্মদ ঘাউছে শুকুৰবাৰে হায়দৰাবাদত 55 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ হাওঁফাওঁজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় ছিৰাজৰ পিতৃয়ে ৷
ভাৰতীয় দলৰ সৈতে অষ্ট্ৰেলিয়া ভ্ৰমণৰত ছিৰাজে কোৱাৰিন্টিন নিয়মাৱলীৰ বাবে পিতৃৰ অন্তোষ্টিক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিব ৷ 26 বৰ্ষীয় সোঁহতীয়া পেচাৰগৰাকীয়ে সাতবছৰ বয়সতে জ্যেষ্ঠ ভাতৃক হেৰুৱাইছিল ৷ বৰ্তমান পিতৃৰ মৃত্যুৰ পাচত তেওঁৰ পৰিয়ালত আছে মাতৃ শ্বাবানা ৷
উল্লেখ্য যে, ভাৰতীয় দলে ছিডনীত অনুশীলন কৰি থকাৰ সময়তে ছিৰাজক পিতৃৰ মৃত্যুৰ বাতৰি প্ৰদান কৰা হৈছিল ৷ পিতৃৰ মৃত্যুত শোকস্তব্ধ হৈ পৰা ছিৰাজে এক ৰাষ্ট্ৰীয় বাতৰিকাকতক জনায়, "মোৰ দেউতাই সদায় কৈছিল 'মোৰ সন্তানে দেশৰ নাম উজ্বলাব' ৷ আৰু মই সঁচাকৈয়ে তেওঁৰ সপোন পূৰণ কৰিম ৷"
তেওঁ লগতে কয়, "অষ্ট্ৰেলিয়ালৈ উৰা মৰাৰ পূৰ্বে মই তেওঁৰ সৈতে কথা পাতিছিলো ৷ মোৰ সপোনবোৰ পূৰ কৰিবৰ বাবে তেওঁ এখন অট'ৰিক্সা চলাই কেনেদৰে সংগ্ৰাম কৰিছিল সেয়া মই জানো ৷"