অসম

assam

ETV Bharat / sports

টীম ইণ্ডিয়াৰ 'অসাধাৰণ ধৈৰ্য আৰু দৃঢ় সংকল্প'ক প্ৰশংসা প্ৰধানমন্ত্ৰী মোডীৰ - টেষ্ট শৃংখলা

অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট শৃংখলা দখল কৰা ভাৰতীয় দলক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ টীম ইণ্ডিয়াৰ 'অসাধাৰণ ধৈৰ্য আৰু দৃঢ় সংকল্প'ক প্ৰশংসা কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী মোডী
প্ৰধানমন্ত্ৰী মোডী

By

Published : Jan 19, 2021, 2:23 PM IST

স্পৰ্টছ ডেস্ক,19 জানুৱাৰী :অষ্ট্ৰেলিয়াৰ মাটিত বিজয়ধ্বজা উৰুওৱা ভাৰতীয় দলক অভিনন্দন জ্ঞাপন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ গব্বাত 2-1 ব্যৱধানত ঐতিহাসিক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখল কৰে ভাৰতীয় দলে ৷

এই জয়ৰ পাচতে মোডীয়ে টুইটাৰৰ জৰিয়তে কয়, "অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দলৰ সাফল্যই আমাক গৌৰৱাম্বিত কৰিছে ৷ তেওঁলোকৰ অসাধাৰণ ক্ষমতা আৰু জয়ৰ বাবে দৃঢ়প্ৰতিজ্ঞ মনোভাৱ সকলোৱে প্ৰত্যক্ষ কৰিলে ৷ দলটোলৈ মোৰ অভিনন্দন ! ভৱিষ্যতৰ বাবেও অলেখ শুভকামনা থাকিল ৷"

উল্লেখ্য যে, পুনৰবাৰ অষ্ট্ৰেলিয়াৰ মাটিতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখল কৰিলে ভাৰতীয় দলে ৷ গীলৰ 91 আৰু ঋষভ পন্তৰ 89 ৰাণৰ জৰিয়তে ভাৰতে 2-1 ব্যৱধানত দখল কৰিলে বহু চৰ্চিত টেষ্ট শৃংখলা ৷ 3 উইকেটত জয়লাভ কৰে ভ্ৰমণকাৰী ভাৰতীয় দলে ৷ ভাৰতৰ হৈ মূল্যৱান 56 ৰাণৰ ইনিংছ খেলে চেতেশ্বৰ পূজাৰাই ৷

গব্বাত এই জয়েৰে ভাৰতে ঐতিহাসিক জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, 1988 চনৰ পাচত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া দলে গব্বাত টেষ্ট মেচত পৰাজয় স্বীকাৰ কৰিবলগা হৈছে ৷ আনহাতে, ভাৰতে স্বাধীনতাৰ পাচত প্ৰথমবাৰৰ বাবে কেংগাৰু বাহিনীৰ বিৰুদ্ধে গব্বাত টেষ্ট মেচত জয় লাভ কৰিছে ৷

ভাৰতৰ ঐতিহাসিক জয়সমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হৈছে এই শৃংখলাত জয় ৷ এই জয়ক 1983, 2007 আৰু 2011 চনৰ বিশ্বকাপ জয়ৰ সৈতে তুলনা কৰিছে সমালোচক আৰু অনুৰাগীসকলে ৷

লগতে পঢ়ক :অষ্ট্ৰেলিয়াৰ মাটিত ঐতিহাসিক জয়েৰে বিজয়ধ্বজা উৰুৱালে ভাৰতে

ABOUT THE AUTHOR

...view details