অসম

assam

ETV Bharat / sports

বিশ্বকাপৰ ফিক্সিং সন্দৰ্ভত ছাংগাক্কাৰাক 10 ঘন্টাৰ জেৰা - শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী মহিন্দানন্দ আলুথগামাগে

বিশ্বকাপ,2011 ৰ ফাইনেলত ফিক্সিং সম্পৰ্কত শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক কুমাৰ ছাংগাক্কাৰাক 10 ঘন্টাৰ জেৰা ৷ তেওঁৰ পূৰ্বে অৰবিন্দ ডি ছিলভা আৰু উপুল থাৰংগাৰ জবান-বন্দী লোৱা হৈছে ৷

বিশ্বকাপৰ ফিক্সিং সন্দৰ্ভত ছাংগাক্কাৰাক 10 ঘন্টাৰ জেৰা

By

Published : Jul 3, 2020, 12:02 PM IST

Updated : Jul 4, 2020, 5:26 PM IST

স্পৰ্টছ ডেস্ক, 3 জুলাই : প্ৰাক্তন শ্ৰীলংকাৰ অধিনায়ক কুমাৰ ছাংগাক্কাৰাক বিশ্বকাপ, 2011 ৰ ফাইনেলত ফিক্সিঙৰ অভিযোগত প্ৰায় 10 ঘন্টা ধৰি জেৰা কৰে ৷ উল্লেখ্য যে, বিশ্বকাপ, 2011 ৰ ফাইনেলত প্ৰৱেশ কৰা শ্ৰীলংকা দলৰ অধিনায়ক আছিল ছাংগাক্কাৰা ৷

2011 চনৰ 2 এপ্ৰিলৰ ফাইনেল মেচখনত ফিক্সিং হোৱা বুলি শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী মহিন্দানন্দ আলুথগামাগেই দাবী কৰাৰ পাচতে ক্ৰীড়া মন্ত্ৰণালয়ে এক তদন্ত ঘোষণা কৰে ৷ কিন্তু ফিক্সিং সন্দৰ্ভত মন্ত্ৰণালয়ক কোনো তথ্য প্ৰদান কৰিব পৰা নাই প্ৰাক্তন ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে ৷

তথ্য মতে,সেই সময়ৰ অধিনায়ক ছাংগাক্কাৰাক প্ৰায় 10 ঘন্টা সময় ক্ৰীড়া মন্ত্ৰণালয়ৰ আৰক্ষীৰ বিশেষ তদন্তকাৰী ডিভিজনে জেৰা কৰে ৷ বৰ্তমানলৈকে জেৰাত কৰা স্বীকাৰোক্তি সম্পৰ্কত কোনো তথ্য প্ৰকাশ পোৱা নাই ৷ শ্ৰীলংকাৰ ছামাগী থৰুনা বালাৱেগায়া নামৰ এক যুৱ সংগঠনে SLCকাৰ্যালয়ৰ সন্মুখত পোষ্টাৰ প্ৰদৰ্শন কৰাৰ লগতে প্ৰশাসনে কিংবদন্তী ক্ৰিকেটাৰগৰাকীক হাৰাশাস্তি কৰা বুলি মন্তব্য কৰে ৷

Island নামৰ এক সংবাদ পত্ৰত প্ৰকাশ পোৱা অনুসৰি,অহা সপ্তাহত তেওঁ জবান-বন্দী প্ৰদান কৰাৰ কথা আছিল যদিও তেওঁ আৰক্ষীক এসপ্তাহ পূৰ্বেই ইয়াৰ বাবে অনুৰোধ জনায় ৷ ছাংগাক্কাৰাৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰ্বাচন সমিতিৰ প্ৰাক্তন মুৰব্বী অৰবিন্দ ডি ছিলভা আৰু অপেনাৰ উপুল থাৰংগাৰ জবান-বন্দী লোৱা হৈছে ৷ জবান-বন্দী দিয়া এজনো ক্ৰিকেটাৰে বৰ্তমানলৈকে কোনো তথ্য ৰাজহুৱা কৰা নাই ৷

লগতে পঢ়ক : বিহাৰত বজ্ৰপাত পৰি ২৬ মৃত্যুঃ শোক প্ৰকাশ গৃহমন্ত্ৰী অমিত শ্বাহৰ

Last Updated : Jul 4, 2020, 5:26 PM IST

ABOUT THE AUTHOR

...view details