স্পৰ্টছ ডেস্ক, 3 আগষ্ট : এদিনীয়া বিশ্বকাপ ক্ৰিকেট, 2019 ৰ পৰা অপ্ৰত্যাশিতভাৱে বাহিৰ হ'বলগা হোৱাৰ পাছতে এইবাৰ টি - 20 বিশ্বকাপত দৃষ্টি নিবদ্ধ ৰাখিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৷ অহা বছৰত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'বলগা ক্ৰিকেটৰ চুটি ফৰমেটৰ বিশ্বকাপত জয় সাব্যস্ত কৰাৰ লক্ষ্যৰে এতিয়াৰ পৰাই প্ৰস্তুতি অব্যাহত ৰাখিছে কোহলী নেতৃত্বাধীন ভাৰতীয় দলে ৷
টি -20 বিশ্বকাপত দৃষ্টি নিবদ্ধ কোহলীৰ - অষ্ট্ৰেলিয়া
এইবাৰ টি -20বিশ্বকাপত দৃষ্টি নিবদ্ধ কৰিছে বিৰাট কোহলীয়ে ৷
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কোহলীয়ে মন্তব্য কৰে যে, টি - 20 বিশ্বকাপৰ পূৰ্বে অনুষ্ঠিত হোৱা মেচসমূহৰ জৰিয়তে ভাৰতীয় দলে বিশ্বকাপৰ বাবে আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিব ৷ লগতে তেওঁ কয় যে, বিশ্বকাপৰ বাবে শীৰ্ষ 15 জন খেলুৱৈ বাছি উলিওৱাত এই মেচসমূহে সহায় কৰিব ৷ ইয়াৰোপৰি, টি - 20 ফৰমেটত দলৰ প্ৰদৰ্শনক লৈও মুঠেও চিন্তিত নহয় বুলি মন্তব্য কৰে কোহলীয়ে আৰু আইপিএলে খেলুৱৈ সকলৰ পাৰদৰ্শিতা সমূহ বিচাৰি উলিওৱাত যথেষ্ট সহায় কৰিলে বুলি জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, ভাৰতে আগষ্টৰ 3 তাৰিখে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ফ্ল'ৰিডাৰ চেন্ট্ৰেল ব্ৰ'ৱাৰ্ড ৰিজিঅ'নেল পাৰ্কত প্ৰথম খন টি 20 মেচত অংশগ্ৰহণ কৰিব ৷