অসম

assam

ETV Bharat / sports

বন্ধুত্বৰ কোনো স্থান নাই, সকলো জয়ৰ বাবে : আৰ্চাৰক সকীয়নি কেমাৰ ৰ'চৰ - ইংলেণ্ড

অহা 8 জুলাইৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ গৃহভূমীতে যুঁজিবলৈ সাজু হৈছে কেৰেবিয়ান দল ৱেষ্ট ইণ্ডিজ । ইতিমধ্য়ে আৰম্ভ হৈছে খেলুৱৈৰ মাজত বাক্যবাণ ।

It's all about winning, no room for friendship: Kemar Roach issues warning to Jofra Archer
It's all about winning, no room for friendship: Kemar Roach issues warning to Jofra Archer

By

Published : Jun 15, 2020, 12:21 PM IST

স্পৰ্টছ ডেস্ক, 15 জুনঃ COVID-১৯ ৰ পাচতেই ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলাৰ বাবে ইতিমধ্যে ইংলেণ্ডত গৈ বাহৰ পাতিছে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলটোৱে । অহা 8 জুলাইৰ পৰা মুখামুখি হ'ব দুয়োটা দল । কিন্তু ইয়াৰ পূৰ্বেই খেলুৱৈৰ মাজত আৰম্ভ হৈছে বাক্য়বাণৰ যুঁজ ।

ইংলেণ্ডৰ বেগীবলাৰ জফ্ৰা আৰ্চাৰক ইতিমধ্যে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ বেগীবলাৰ কেমাৰ ৰ'চৰ সকীয়নি । বন্ধুত্বৰ কোনো স্থান নাই বুলি উল্লেখ কৰিছে কেৰেবিয়ান খেলুৱৈগৰাকীয়ে । লগতে ৱেষ্ট ইণ্ডিজ দলটোৱে ইংলেণ্ডৰ বিৰুদ্ধে জয় সুনিশ্চত কৰাৰ ওপৰত অধিক মনোনিৱেশ কৰিছে বুলিও কয় ৰ'চে । এক ৱেবচাইটত এই কথা উল্লেখ কৰিছে খেলুৱৈগৰাকীয়ে ।

আৰ্চাৰক সকীয়নি কেমাৰ ৰ'চৰ

উল্লেখ্য যে, দৰ্শকবিহীন ভাৱে অনুষ্ঠিত কৰা হ'ব এই টেষ্ট শৃংখলা । কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

মন কৰিবলগীয়া কথা এই যে, এই শৃংখলাত বলাৰে বলত চুইং লাভৰ বাবে থুঁ অথবা চালাইভাৰ ব্যৱহাৰ কৰিব নোৱাৰিব । গতিকে সেই দৃষ্টিকোণেৰেও বহু খেলুৱৈ তথা ক্ৰিকেট অনুৰাগীৰো এই শৃংখলাৰ ওপৰত অধিক দৃষ্টি নিৱদ্ধ হৈ থাকিব ।

এই সন্দৰ্ভত কেমাৰ ৰ'চেও এই প্ৰতিবন্ধকতা বলাৰৰ বাবে কঠিন প্ৰত্যাহ্বান হিচাপে থিয় দিব বুলি স্বীকাৰ কৰে । লগতে বৰ্তমান সময়ত ইংলেণ্ডৰ জলবায়ুও ঘাম নিৰ্গত কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰিছে খেলুৱৈগৰাকীয়ে ।

ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ সময়সূচী :

তাৰিখ সময় (IST) টেষ্ট মেচ স্থান
8-12 জুলাই দুপৰীয়া 3:30 বজাত ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, প্ৰথম টেষ্ট এজেছ ব'ল
16-20 জুলাই দুপৰীয়া 3:30 বজাত ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, দ্বিতীয় টেষ্ট অল্ড ট্ৰফফ্ৰৰ্ড
24-28 জুলাই দুপৰীয়া 3:30 বজাত ইংলেণ্ড বনাম ৱেষ্ট ইণ্ডিজ, তৃতীয় টেষ্ট অল্ড ট্ৰফফ্ৰৰ্ড

ABOUT THE AUTHOR

...view details