স্পৰ্টছ ডেস্ক, 12 ছেপ্তেম্বৰঃদক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ টেষ্ট শৃংখলাৰ বাবে আজি ঘোষণা কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ ৷ 2 অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব এই টেষ্ট শৃংখলা ৷ ইতিমধ্যে এই শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ দলটোৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছে উইকেটকীপাৰ বেটছমেন কুইণ্টন ডি কক ক ৷ আনহাতে আজি ঘোষণা কৰা হ’ব ভাৰতীয় দলটোৰ ৷
দক্ষিণ আফ্ৰিকা টেষ্ট শৃংখলাঃ আজি ঘোষণা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ - তিনিখন মেচৰ টেষ্ট শৃংখলা
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ টেষ্ট শৃংখলাৰ বাবে আজি ঘোষণা কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ ৷ 2 অক্টোবৰৰ পৰা 12 ছেপ্তেম্বৰলৈ চলিব এই টেষ্ট শৃংখলা ৷
এই শৃংখলাৰ বাবে ৰোহিত শৰ্মাক অ’পেনিং বেটছমেন হিচাপে দলত স্থান দিয়াৰ বিপৰীতে দলৰ পৰা বাহিৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কে.এল ৰাহুল ৷ আনহাতে পঞ্চম আৰু ষষ্ঠ স্থানত আজ্যিংকা ৰাহানে আৰু হনুমা বিহাৰীৰ স্থান প্ৰায় নিশ্চিত বুলি অনুমান কৰা হৈছে ৷ আনহাতে এই শৃংখলাত যুৱ খেলুৱৈ অভিমন্যু ইশ্বৰণকো স্থান দিয়াৰ লগতে হাৰ্দিক পাণ্ডিয়াৰো প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা আছে ৷
অৱশ্যে টি-20 বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি পাণ্ডিয়াক টেষ্ট ক্ৰিকেটৰ সলনি কেৱল সীমিত অভাৰৰ বাবেই উপলব্ধ ৰখাৰ চিন্তা চৰ্চা চলাব পাৰে ভাৰতীয় দল নিৰ্বাচক মণ্ডলীয়ে ৷ মহম্মদ ছামীক বিশ্ৰাম দিয়াৰ পৰিৱৰ্তে জাডেজা, আশ্বিন আৰু কুলদ্বীপ যাদৱে স্থান লাভ কৰিব বুলি আশা কৰা হৈছে ৷