স্পৰ্টছ ডেস্ক, ১ মাৰ্চঃ শনিবাৰৰ পৰা অনুষ্ঠিত হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এদিনীয়া শৃংখলা । পাঁচখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব শনিবাৰে হায়দৰাবাদত । যাৰ বাবে ইতিমধ্য়ে সাজু হৈছে ভাৰতীয় ক্ৰিকেট দলটো । শুকুৰবাৰে হায়দৰাবাদৰ ক্ৰিকেট ষ্টেডিয়ামত পুৱাৰে পৰা অনুশীলন কৰা দেখা গ'লভাৰতীয় দলটোক ।
অনুশীলনত ব্যস্ত ব্লু বাহিনী
ভাৰতৰ হাতত গৃহভূমিত এদিনীয়া শৃংখলাত পৰাস্ত হোৱাৰ পিচতকেংগাৰু দলটোৱে প্ৰতিশোধৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব ভাৰতৰ বিৰুদ্ধে । ইপিনে ২-০ ৰে টি-২০ শৃংখলা জয় লাভ কৰাৰ পিচত এতিয়া প্ৰৱল আত্মবিশ্বাসী হৈ আছে অষ্ট্ৰেলিয়া দলটো ।