অসম

assam

ETV Bharat / sports

বিগত বৰ্ষৰ অক্টোবৰৰ পৰা ভাৰতীয় ক্ৰিকেটাৰে লাভ কৰা নাই দৰমহা

2019 চনৰ অক্টোবৰ মাহৰ পৰা বিচিচিআইয়ে দুখন টেষ্ট, নখন এদিনীয়া আৰু আঠখন টি-20 মেচৰ ধন আদায় দিয়া নাই ৷ প্ৰায় 99 কোটি টকা খেলুৱৈসকলক আদায় দিবলৈ বাকী আছে বিচিচিআইয়ে ৷

BCCI
বিচিচিআই

By

Published : Aug 2, 2020, 4:27 PM IST

স্পৰ্টছ ডেস্ক, 2 আগষ্ট :বিশ্বৰ সবাতোকৈ ধনী ক্ৰিকটে ব'ৰ্ড ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) অক্টোবৰ মাহৰ পৰা 27 গৰাকী চুক্তিবদ্ধ খেলুৱৈক প্ৰদান কৰা নাই ধন ৷ এখন দৈনিক বাতৰি কাকতে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা বছৰৰ অক্টোবৰ মাহৰ পৰা খেলুৱৈসকলৰ তিনিমহীয়া ধনৰ আদায় দিয়া নাই বিচিচিআইয়ে ৷

ৰোহিত শৰ্মা

2019 চনৰ অক্টোবৰ মাহৰ পৰা বিচিচিআইয়ে দুখন টেষ্ট, নখন এদিনীয়া আৰু আঠখন টি-20 মেচৰ ধন আদায় কৰা নাই ৷ প্ৰায় 99 কোটি টকা খেলুৱৈসকলক আদায় দিবলৈ বাকী আছে বিচিচিআইয়ে ৷

বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু জছপ্ৰীত বুমৰাহ Grade A+ কেটেগৰীৰ অন্তৰ্ভূক্ত ৷ এই ক্ৰিকেটাৰসকলে বাৰ্ষিকভাৱে লাভ কৰে 7 কোটিকৈ টকা ৷ আনহাতে, Grade A খেলুৱৈসকলে 5 কোটি, Grade B সকলে 3 কোটি আৰু Grade C সকলে লাভ কৰে 1 কোটিকৈ টকা ৷

যোৱা বছৰৰ অক্টোবৰৰ পৰা ভাৰতীয় ক্ৰিকেটাৰে লাভ কৰা নাই দৰমহা

প্ৰতিখন টেষ্ট, এদিনীয়া আৰু টি-20 ৰ মেচ মাচুল হৈছে ক্ৰমে 15 লাখ, 6 লাখ আৰু 3 লাখ ৷ 2018 চনৰ মাৰ্চ মাহৰ হিচাপত বিচিচিআইৰ বেংকত ধন আছে 5,526 কোটি টকা আৰু 2,992 কোটি টকাৰ আছে ফিক্সড ডিপোজিট ৷ আনহাতে, 2018 চনৰ এপ্ৰিল মাহত সম্প্ৰচাৰকৰ পৰা বিচিচিআইয়ে কিস্তি হিচাপত লাভ কৰিছে 6,138.1 কোটি টকা ৷

ডিচেম্বৰ মাহৰ পৰা বিচিচিআইৰ মুখ্য বিত্তীয় বিষয়াৰ পদ খালী হৈ থকা বাবে এই খেলুৱৈসকলে বৰ্তমান পৰ্যন্ত ধন লাভ কৰা নাই৷ আনহাতে, জুলাই মাহৰ পৰাই খালী হৈ আছে মুখ্য কাৰ্যবাহী বিষয়া আৰু মহাপ্ৰবন্ধকৰ (ক্ৰিকেট) পদ ৷

ভাৰতীয় ক্ৰিকেট দল

লোধা কমিটিৰ অনুমোদনৰ পাচতে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ ফলত এই সমস্যাই দেখা দিছে ৷ গাংগুলী আৰু শ্বাহক তেওঁলোকৰ পদত বাহাল ৰাখিবলৈ বৰ্তমান ব'ৰ্ডে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ৷

ইয়াৰোপৰি, বিভিন্ন ৰাজ্য যেনে, ঝাৰখণ্ড, মুম্বাই, পশ্চিমবংগ, জম্মু-কাশ্মীৰ, পণ্ডিচেৰী, বৰোডা, ৰেলৱে', ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু ছত্তীসগড়ৰ ঘৰুৱা খেলুৱৈসকলেও ধন লাভ কৰা নাই ৷

বিৰাট কোহলী

অক্টোবৰ-নৱেম্বৰ মাহত আৰৱ গণৰাজ্যত অনুষ্ঠিত হ'বলগা আইপিএলৰ দিন ধাৰ্য কৰিবৰ বাবে আৰু প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বাবে আইপিএলৰ গভৰ্নিং কাউন্সিলে 2 আগষ্টত এক বৈঠকৰ আয়োজন কৰিছে ৷

লগতে পঢ়ক :বন্ধুত্ব দিৱসত 'মেন্টৰ' ধোনীক প্ৰশংসাৰে উপচালে সুৰেশ ৰাইনাই

ABOUT THE AUTHOR

...view details