অসম

assam

ETV Bharat / sports

ৰাঁচী টেষ্ট: প্ৰথম দিনৰ খেলৰ অন্তত ভাৰতৰ স্ক’ৰ 224 ৰান

ৰাঁচীৰ জে এছ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্ট মেচ ৷ প্ৰথম দিনৰ খেলৰ অন্তত ভাৰতৰ 224 ৰান ৷ ৰোহিতৰ শৃংখলাৰ তৃতীয়টো শতক ৷

By

Published : Oct 19, 2019, 9:47 PM IST

ৰাঁচী টেষ্ট: প্ৰথম দিনৰ খেলৰ অন্তত ভাৰতৰ স্ক’ৰ 224 ৰান

স্পৰ্টছ ডেস্ক, 19 অক্টোবৰ: শনিবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্ট মেচত সুন্দৰ আৰম্ভণি ভাৰতৰ ৷ প্ৰথম দিনৰ খেলৰ অন্তত সংগ্ৰহ তিনি উইকেটৰ বিনিময়ত 224 ৰান ৷ ৰাঁচীৰ জে এছ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে অন্তিমখন মেচ ৷ টছত জয় লাভ কৰি ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ময়ংক আগৰৱাল আৰু ৰোহিতে ভাৰতৰ হৈ অপেনিং কৰিবলৈ আহি বিপৰ্যয়ৰ সন্মুখীন হয় ৷ 12 ৰানৰ দলীয় স্কৰতে ৰাবাডাৰ বলত তচনচ হৈ ময়ংক ৷ 10 ৰান কৰি পেভিলিয়নলৈ উভতে বিশাখাপট্টনমত দ্বি-শতক অৰ্জন কৰা ময়ংক আগৰৱাল ৷

অপৰাজিত ৰোহিত-ৰাহানে

ভাৰতৰ দ্বিতীয়টো উইকেটৰ পতন হয় 16 ৰানৰ দলীয় স্কৰত ৷ চেতেশ্বৰ পূজাৰাকো শূণ্য ৰানত ৰাবাডাই এল বি ডাব্লিউ আউট কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাচত বেটিং কৰিবলৈ ৰান মেচিন নামে খ্যাত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলি ৷ কিন্তু 12 ৰানৰ ব্যক্তিগত স্ক’ৰত এনৰিক নৰ্টজেৰ বলত পেভিলিয়নমুখী হয় বিৰাট ৷ তৃতীয় উইকেটৰ পতনৰ পাচতেই দলটোক স্থিৰতা প্ৰদান কৰে ৰোহিত শৰ্মা আৰু অজ্যিংকা ৰাহানেয়ে ৷

ৰোহিতৰ শতক

মেচখনত ৰোহিতে শৃংখলাৰ তৃতীয় আৰু টেষ্ট কেৰিয়াৰৰ ষষ্ঠটো শতক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান ৰোহিত অপৰাজিত 117 আৰু ৰাহানে অপৰাজিত 83 ৰান কৰি খেলপথাৰত বৰ্তি আছে ৷ দক্ষিণ আফ্ৰিকাৰ হৈ ৰাবাডাই 2 টা আৰু নৰ্টজেয়ে 1 টা উইকেট দখল কৰিছে ৷

ABOUT THE AUTHOR

...view details