অসম

assam

By

Published : Feb 4, 2020, 5:31 PM IST

ETV Bharat / sports

19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপঃ ফাইনেলত স্থান সুনিশ্চিত কৰিবলৈ ভাৰতক প্ৰয়োজন 173 ৰানৰ

19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলত ধৰাশায়ী পাকিস্তান ৷ ভাৰতৰ বিৰুদ্ধে 172 ৰানত অল আউট পাকিস্তান ৷

19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপ
19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপ

স্পৰ্টছ ডেস্ক, 4 ফেব্ৰুৱাৰীঃ দক্ষিণ আফ্ৰিকাৰ ছেনৱেছ পাৰ্কত অনুষ্ঠিত হৈ থকা 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলত ধৰাশায়ী পাকিস্তান ৷ 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ ভাৰতক প্ৰয়োজন কেৱল 173 ৰানৰ ৷ ভাৰতৰ দুৰ্দান্ত বলিঙৰ সন্মুখত কেৱল 172 ৰানতেই অল আউট হয় পাকিস্তান ৷

172 ৰানত অল আউট পাকিস্তান

মঙলবাৰে অনুষ্ঠিত মেচখনত পাকিস্তানে টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল পাকিস্তানে ৷ কিন্তু পাকিস্তানৰ এই সিদ্ধান্তক ভুল প্ৰতিপন্ন কৰিলে ভাৰতৰ অনুশাসনমূলক দুৰ্দান্ত বলিঙে ৷ ফলস্বৰূপে 43.1অভাৰতেই 172 ৰানত অল আউট হয় পাকিস্তান দলটো ৷ পাকিস্তানৰ হৈ সৰ্বাধিক 62 ৰান কৰিবলৈ সক্ষম হয় অধিনায়ক ৰুহেইল নাজিৰে ৷ ইয়াৰ বিপৰীতে হেডাৰ আলিয়ে (56) আৰু মহম্মদ আমিৰে (21) হে অকল দহকৰ ঘৰ চুবলৈ সক্ষম হয় ৷

ভাৰতৰ হৈ সুশান্ত মিশ্ৰাই 8.1 অভাৰত 28 ৰান দি 3 টা, কাৰ্তিক ত্যাগিয়ে 8 অভাৰত 32 ৰান দি 2 টা, ৰবি বিষ্ণইয়ে 10 অভাৰত 46 ৰান দি 2 টা, অৰ্থব অংক্লেকাৰ আৰু যশ্বস্বী জয়ছোৱালে1 টাকৈ উইকেট দখল কৰে ৷

ভাৰত বনাম পাকিস্তান

উল্লেখ্য যে, ভাৰতীয় দলটোক নেতৃত্ব দিছে প্ৰিয়ম গাৰ্গে ৷ ভাৰতে ইয়াৰ পূৰ্বে মহম্মদ কাইফৰ নেতৃত্বত 2000 চনত, কোহলিৰ নেতৃত্বত 2008 চনত, উন্মক্ত চান্দৰ নেতৃত্বত 2012আৰু পৃথ্বী শ্ব'ৰ নেতৃত্বত 2018 চনত অনুৰ্ধ্ব 19 বিশ্বকাপৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

...view details