অসম

assam

By

Published : Jan 18, 2020, 6:25 AM IST

ETV Bharat / sports

36 ৰাণত পৰাস্ত অষ্ট্ৰেলিয়া : শৃংখলাত সমতা স্থাপন ভাৰতৰ

দ্বিতীয় এদিনীয়াত জয় সাব্যস্ত ভাৰতীয় দলৰ ৷ ভাৰতে গঢ়া 340 ৰাণৰ পৰিৱৰ্তে অষ্ট্ৰেলিয়াই 304 ৰাণত আটাইকেইটা উইকেট হেৰুৱায় ৷

শৃংখলাত সমতা স্থাপন ভাৰতৰ
ভাৰতৰ জয়

স্পৰ্টছ ডেস্ক, 18 জানুৱাৰী : শুকুৰবাৰে দ্বিতীয় এদিনীয়াত অষ্ট্ৰেলিয়াক 36 ৰাণত পৰাস্ত কৰে ভাৰতীয় দলে ৷ চৌৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েছন ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত জয়েৰে ভাৰতে 1-1 ত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে ৷

টছত জয়ী হৈ অষ্ট্ৰেলিয়া দলে ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ৷ অপেনাৰদ্বয় ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানে প্ৰথম উইকেটৰ যুটীত 81 ৰাণ গঢ়ে ৷ ৰোহিতে 42 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ধাৱানে 96 ৰাণৰ বাবে সুন্দৰ ইনিংছ উপহাৰ দিয়ে ৷

42 ৰাণৰ ইনিংছৰ জৰিয়তে অপেনাৰ হিচাপে 7000 ৰাণ সংগ্ৰহ কৰা ৰোহিত শৰ্মা দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হয় ৷ তেওঁ হাছিম আমলা আৰু শচীন তেণ্ডুলকাৰক অতিক্ৰম কৰিবলৈ সক্ষম হয় ৷

ছামী আৰু ছাহাল

ৰোহিত-ধাৱান যুটী আউট হোৱাৰ পাচত বিৰাট কোহলীয়ে 76 ৰাণ আৰু কে. এল. ৰাহুলে 52 ৰাণ সংগ্ৰহ কৰে ৷ শ্ৰেয়াস আয়াৰ আৰু মনিশ পাণ্ডেই অতি সোনকালে নিজৰ উইকেট হেৰুৱায় ৷ ইয়াৰ জৰিয়তে ভাৰতে 6 উইকেট হেৰুৱাই 340 ৰাণ সংগ্ৰহ কৰে ৷

ভাৰতে গঢ়া 341 ৰাণৰ সীমা অনুসৰণ কৰি অষ্ট্ৰেলিয়াই প্ৰথমেই অপেনাৰদ্বয় ডেভিদ ৱাৰ্ণাৰ আৰু এৰন ফিন্সৰ উইকেট হেৰুৱায় ৷ ইয়াৰ পাচতে চতুৰ্থ উইকেটৰ যুটীত ষ্টিভ স্মিথ আৰু মাৰ্নাছ লাবুছেইনে 96 ৰাণ সংগ্ৰহ কৰে৷ লাবুছেইনে 46 ৰাণ কৰি ৰবীন্দ্ৰ জাদেজাৰ হাতত উইকেট হেৰুৱায় ৷ আনহাতে, স্মিথে 98 ৰাণৰ ইনিংছ খেলে ৷

ভাৰতৰ হৈ নৱদ্বীপ ছাইনীয়ে দুটা আৰু জছপ্ৰীত বুমৰাহে এটা উইকেট দখল কৰে ৷ আনহাতে, অষ্ট্ৰেলিয়াৰ হৈ আদাম জাম্পাই তিনিটা আৰু ৰিচাৰ্ডছনে দুটা উইকেট দখল কৰে ৷

উল্লেখ্য যে, 19 জানুৱাৰীত বাংগালুৰুত শৃংখলাৰ তৃতীয় তথা অন্তিম মেচ অনুষ্ঠিত হ'ব ৷

আৰু পঢ়ক : পুনৰ স্বৰ্ণজয়েৰে খেল’ ইণ্ডিয়াৰ দশম স্থানলৈ উন্নত অসম

ABOUT THE AUTHOR

...view details