নিউজ ডেস্ক, 13 ডিচেম্বৰ : আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC) এ দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ‘বলগীয়া মহিলা টি-20 বিশ্বকাপৰ বাবে শনিবাৰে নিৰ্বাচনী প্ৰক্ৰিয়াৰ কাৰ্যসূচীৰ ঘোষণা কৰিছে ৷ বিশ্বকাপৰ বাবে 10 টা দলেৰে অনুষ্ঠিত হ'বলগীয়া মহিলা টি-20 বিশ্বকাপ 2023 বৰ্ষৰ 9 ফ্ৰেব্ৰুৱাৰীৰ পৰা 26 ফ্ৰেব্ৰুৱাৰী লৈকে পুনৰ নিৰ্ধাৰিত কৰা হৈছে ৷
ভূটান, বোত্চবানা, কেমৰোন, ফ্ৰান্স, মলাবীস ম্যানমাৰ, ফিলিপিন্স আৰু তুৰ্কীয়ে প্ৰথমবাৰৰ বাবে আই.চি.চি. মহিলা প্ৰতিযোগিতাত ভাগ ল'ব ৷ মহিলা ক্ৰিকেটৰ এই উত্থানে সমগ্ৰ বিশ্বতে মহিলা ক্ৰিকেটৰ বিকাশৰ ইংগিত প্ৰদান কৰিছে ৷