অসম

assam

By

Published : Jun 15, 2020, 5:57 PM IST

ETV Bharat / sports

চালাইভাৰ নিষিদ্ধৰ ফলত বলাৰ অধিক সমস্যাৰ সন্মুখীন নহয় : গ্ৰেগ চেপেল

আইচিচিৰ দ্বাৰা বলত থু অথবা চালাইভাৰ নিষেধাজ্ঞাৰ বিষয়ে অন্যান্য় লোক বা খেলুৱৈতকৈ বিপৰীত মন্তব্য অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেলৰ । থুৰ নিষিদ্ধতাই বলাৰৰ ক্ষেত্ৰত অধিক প্ৰভাৱ নেপেলাব বুলি উল্লেখ কৰে চেপেলে ।

greg chappell believes saliva ban will help batsmen more than bowlers
greg chappell believes saliva ban will help batsmen more than bowlers

স্পৰ্টছ ডেস্ক, 15 জুনঃভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক তথা প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গ্ৰেগ চেপেলৰ আইচিচিৰ দ্বাৰা জাৰি কৰা বলত থু ব্যৱহাৰৰ নিষেধাজ্ঞাৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য । এই নিষেধাজ্ঞাই বেটছমেনক অধিক লাভৱান কৰিব বুলি স্বীকাৰ কৰে যদিও চেপেলে কয়, বলৰ উজ্বলতা বৰ্তাই ৰাখিবলৈ ঘামেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নিয়ম বান্ধি দিছে আইচিচিয়ে ।

চালাইভাৰ নিষিদ্ধৰ ফলত বলাৰ অধিক সমস্যাৰ সন্মুখীন নহয় : গ্ৰেগ চেপেল

এই নিয়মক লৈ বিভিন্ন জনে বিভিন্ন মন্তব্য প্ৰদান কৰি বলাৰৰ বাবে এইয়া কঠিন প্ৰত্যাহ্বান হিচাপে থিয় দিব বুলি কৈ থকাৰ মাজতেই ইয়াক লৈ বিপৰীত ভাষ্য প্ৰদান কৰিছে চেপেলে । ঘামৰ প্ৰয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু এই নিয়মে বলাৰক অধিক সমস্যা নকৰে বুলি কয় প্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে ।

আনহাতে অষ্ট্ৰেলিয়াৰ বলাৰৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ দেখা পোৱা নাযাব বুলি কয় চেপেলে । কাৰণ অষ্ট্ৰেলিয়া দলত অত্য়াধিক চুইং বল কৰা কোনো খেলুৱৈ নাই বুলি কোৱাৰ লগতে মিটচেল ষ্ট্ৰাৰ্কে ৰিভাৰ্ছ চুইং লাভ কৰিবলৈও সক্ষম হ'ব পাৰে বুলি উল্লেখ কৰে চেপেলে ।

ইপিনে বল নিৰ্মাতা কোম্পানী কুকাবুৰাই শেহতীয়াকৈ বলৰ উজ্বলতা বৰ্তাই ৰাখিবলৈ ম'মৰ এপ্লিকেটৰ বিকশিত কৰি উলিয়াইছে । অৱশ্যে ইয়াৰ কোনো প্ৰয়োজন নাই বুলিও কয় গ্ৰেগ চেপেলে ।

ABOUT THE AUTHOR

...view details