অসম

assam

ETV Bharat / sports

সৌৰভ গাংগুলীক আইচিচিৰ পৰৱৰ্তী অধ্যক্ষ ৰূপে চোৱাৰ ইচ্ছা : গ্ৰীম স্মিথ

ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীক লৈ গুৰুত্বপূৰ্ণ মন্তব্য দক্ষিণ আফ্ৰিকা ক্ৰিকেটৰ নিৰ্দেশক গ্ৰীম স্মিথৰ । COVID-১৯ মহামাৰীৰ সময়ত আইচিচিৰ পৰিচালনা কৰা সঠিক ব্যক্তি সৌৰভ গাংগুলী বুলি উল্লেখ কৰি সৌৰভ গাংগুলীক আইচিচিৰ পৰৱৰ্তী অধ্যক্ষ ৰূপে চোৱাৰ ইচ্ছা প্ৰকাশ কৰে গ্ৰীম স্মিথে ।

graeme smith backs sourav ganguly to be next icc chief
সৌৰভ গাংগুলীক আইচিচিৰ পৰৱৰ্তী অধ্যক্ষ ৰূপে চোৱাৰ ইচ্ছা : গ্ৰীম স্মিথ

By

Published : May 22, 2020, 12:33 PM IST

স্পৰ্টছ ডেস্ক, ২২ মে': ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ অধ্য়ক্ষ সৌৰভ গাংগুলীক লৈ দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক তথা দক্ষিণ আফ্ৰিকা ক্ৰিকেটৰ বৰ্তমানৰ নিৰ্দেশক গ্ৰীম স্মিথৰ এক গুৰুত্বপূৰ্ণ মন্তব্য । স্মিথৰ মতে, COVID-১৯ ৰ সংকটৰ সময়ত আইচিচিৰ অধ্যক্ষ পদৰ বাবে সঠিক ব্যক্তি হৈছে সৌৰভ গাংগুলী । যাৰ বাবে সৌৰভ গাংগুলীক আইচিচিৰ পৰৱৰ্তী অধ্যক্ষ ৰূপে চোৱাৰ ইচ্ছা প্ৰকাশ কৰে গ্ৰীম স্মিথে । স্মিথৰ এই কথাক দক্ষিণ আফ্ৰিকা ক্ৰিকেটৰ CEO জেক্স ফলেও সমৰ্থন জনায় । স্মিথৰ পূৰ্বে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা কমেণ্টেটৰ ডেভিদ গৱেৰো গাংগুলীক লৈ এই ইচ্ছা প্ৰকাশ কৰিছিল ।

বিচিচিআই অধ্যক্ষ সৌৰভ গাংগুলী

বৃহস্পতিবাৰে গ্ৰীম স্মিথ এখন কনফাৰেন্সিঙত অংশগ্ৰহণ কৰি COVID-১৯ মহামাৰীৰ সংকটৰ সময়ত আইচিচিৰ পৰিচালনা কৰাৰ বাবে সৌৰভ গাংগুলী সঠিক ব্যক্তি বুলি উল্লেখ কৰে । স্মিথে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে, "মোৰ দৃষ্টিভংগীৰে গাংগুলীৰ দৰে ব্যক্তি আইচিচিৰ মুখীয়া হিচাপে অহাটো সুন্দৰ হ'ব । মোৰ বিশ্বাস আজিৰ খেলৰ বাবে তেওঁ উচিত হ'ব । তেওঁ ইয়াক অনুধাৱন কৰিব পাৰিব লগতে তেওঁ উচ্চ-স্তৰীয় ক্ৰিকেট খেলিও আহিছে । তেওঁক সন্মান কৰা যায় আৰু তেওঁৰ নেতৃত্ব ক্ষমতা আগুৱাই যাবলৈ গুৰুত্বপূৰ্ণ হ'ব ।"

স্মিথে লগতে কয়, মই ভাৱো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আগুৱাই যাবলৈ এইয়া উচিত সময় আৰু এইটো বহুত ভাল নিযুক্তি হ'ব । আনহাতে জেক্স ফলেও কয়, আমি এগৰাকী ভাৰতীয় প্ৰাৰ্থীক সমৰ্থন কৰিম । গাংগুলীৰ সৈতে আমাৰ বাৰ্তালাপ পূৰ্বৰে পৰা সুন্দৰ হৈ আহিছে । তেওঁ আমাৰ সহায়ৰ বাবে সদায় প্ৰস্তুত থাকে । অৱশ্য ইয়াৰ বাবে সম্পূৰ্ণ প্ৰক্ৰিয়াটো চোৱাৰ প্ৰয়োজন বুলি উল্লেখ কৰে ।

উল্লেখ্য় যে, গাংগুলীৰ বিচিচিআইৰ অধ্যক্ষ পদৰ কাৰ্যকাল নতুন সংবিধান অনুসৰি অহা জুন মাহত অন্ত পৰিব ।

ABOUT THE AUTHOR

...view details