স্পৰ্টছ ডেস্ক, 17 জুলাইঃ বিশ্ব চেম্পিয়ন হ'ল ইংলেণ্ড ৷ কিন্তু এতিয়া বিতৰ্কই লগ এৰা নাই আই চি চি ৰ ছুপাৰ অভাৰৰ নিয়মাৱলীৰ ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ফাইনেলত নিৰ্ধাৰিত 50 অভাৰত মেচখন ড্ৰ' হোৱাত ছুপাৰ অভাৰৰ সন্মুখীন হৈছিল ইংলেণ্ড ৷
এটা নহয় দুটা ছুপাৰ অভাৰেৰে নিৰ্ণয় হ'ব লাগিছিল বিশ্বকাপ চেম্পিয়নৰঃ শচীন - ছুপাৰ অভাৰ
অন্ত পৰিল 2019 ক্ৰিকেট বিশ্বকাপৰ ৷ কিন্তু এতিয়াও অৱসান ঘটা নাই ফাইনেলৰ ছুপাৰ অভাৰক লৈ যুক্তি-তৰ্ক ৷ এইবাৰ ক্ৰিকেটৰ ভগৱান হিচাপে খ্যাত শচীন তেণ্ডুলকাৰৰ প্ৰতিক্ৰিয়া ৷
কিন্তু ছুপাৰ অভাৰতো দুয়োটা দলৰ মাজত ড্ৰ' হোৱাত আই চি চি ৰ নিয়ম অনুসৰি মেচখনত অত্যাধিক বাউণ্ডেৰী মাৰিবলৈ সক্ষম হোৱা ইংলেণ্ডক বিশ্ব চেম্পিয়নৰ খিতাপ দিয়া হয় ৷ ইয়াক লৈ ছ'চিয়েল মিডিয়াত নানান সমালোচনা চলি থকাৰ মাজতেই ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ মন্তব্য, বাউণ্ডেৰী নিয়মৰ পৰিৱৰ্তে এটা নহয় দুটা ছুপাৰ অভাৰেৰে নিৰ্ণয় কৰিব লাগিছিল বিশ্ব চেম্পিয়নৰ ৷
শচীনৰ পূৰ্বে ৰোহিত শৰ্মা, গৌতম গম্ভীৰকে ধৰি বহু ক্ৰিকেটাৰে আই চি চি ৰ এই বাউণ্ডেৰী নিয়মৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছিল ৷