অসম

assam

ETV Bharat / sports

ঘোষণা হ’ল আই চি চি মহিলা টি-20 ক্ৰিকেটৰ কাৰ্যক্ৰমণিকা

ঘোষণা হ’ল 2020 মহিলা আই চি চি টি-20 বিশ্বকাপ ক্ৰিকেটৰ সম্পূৰ্ণ কাৰ্যক্ৰমণিকা ৷ অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, শ্ৰীলংকা, বাংলাদেশৰ সৈতে ‘গ্ৰুপ এ’ ত অন্তৰ্ভূক্ত হৈছে ভাৰত ৷

ঘোষণা হ’ল আই চি চি মহিলা টি-20 ক্ৰিকেটৰ কাৰ্যক্ৰমণিকা

By

Published : Sep 8, 2019, 9:41 PM IST

স্পৰ্টছ, 8 ছেপ্তেম্বৰঃ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া 2020 মহিলা আই চি চি টি-20 বিশ্বকাপৰ ঘোষণা কৰা হ’ল কাৰ্যক্ৰমণিকা ৷ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিশ্বৰ মুঠ দহ খন দেশে ৷ এই টুৰ্ণামেণ্টৰ বাবে দেওবাৰে থাইলেণ্ড আৰু বাংলাদেশৰ দলটোৱে কোৱালিফাই কৰিবলৈ সক্ষম হয় ৷ বাংলাদেশ দলটোৱে স্কটলেণ্ডক পৰাস্ত কৰি কোৱালিফাই কৰে ৷ টুৰ্ণামেণ্টখনৰ ‘গ্ৰুপ এ’ ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বাংলাদেশ দলটোৱে ৷ বাংলাদেশৰ লগত ‘গ্ৰুপ এ’ ত আছে অষ্ট্ৰেলিয়া, ভাৰত, নিউজিলেণ্ডআৰু শ্ৰীলংকা

ঘোষণা হ’ল আই চি চি মহিলা টি-20 ক্ৰিকেটৰ কাৰ্যক্ৰমণিকা

আনহাতে 12 বছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰা থাইলেণ্ডে দলটোৱে বিশ্বকাপৰ বাবে কোৱালিফাই কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে ৷ ‘গ্ৰুপ বি’ ত আছে ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ,পাকিস্তান আৰু থাইলেণ্ড

টুৰ্ণামেণ্টৰ প্ৰথমখন খেল 21 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ বিপৰীতে ফাইনেল মেচখনত অনুষ্ঠিত হ’ব 8 মাৰ্চত ৷ প্ৰথমখন মেচত মুখামুখি হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়া ৷ আনহাতে এই বৰ্ষতেই পুৰুষ টি-20 বিশ্বকাপৰো আয়োজন কৰা হ’ব অষ্ট্ৰেলিয়াত ৷ য’ত বিশ্বৰ 16 খন দেশে 18 অক্টোবৰৰ পৰা খিতাপৰ বাবে যুঁজত অৱতীৰ্ণ হ'ব ৷

ABOUT THE AUTHOR

...view details