স্পৰ্টছ ডেস্ক, 29 জুলাই :ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম খন টেষ্ট মেচত জয় লাভ কৰি তিনিখন মেচৰ টেষ্ট শৃংখলা দখল ঘৰুৱা দল ইংলেণ্ডৰ ৷ তৃতীয়খন টেষ্টত 269 ৰানৰ বৃহৎ জয়ৰে 2-1 ব্যৱধানত উইছডন ট্ৰফী লাভ ৰুট বাহিনীৰ ৷ ইয়াৰ লগে-লগে আইচিচি টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাতো তৃতীয় স্থানলৈ উত্তীৰ্ণ হ’ল ইংলেণ্ড দলটো ৷ ইংলেণ্ডৰ বৰ্তমান 226 পইণ্ট থকাৰ বিপৰীতে ভাৰতৰ 360 আৰু অষ্ট্ৰেলিয়াৰ আছে 296 পইণ্টছ ৷
মেচখনত ইংলেণ্ড দলটোৰ হৈ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ষ্টুৱাৰ্ড ব্ৰড আৰু ক্ৰীছ ৱক্ছে ৷ ক্ৰীছ ৱক্ছে দ্বিতীয় ইনিংছ পাঁচটা উইকেট লাভ কৰাৰ বিপৰীতে ষ্টুৱাৰ্ড ব্ৰডে দ্বিতীয় ইনিংছত লাভ কৰে 4 টা উইকেট ৷ দুয়োটা ইনিংছত মুঠ 10 টা উইকেট লাভ কৰিবলৈ সক্ষম হয় ব্ৰডে ৷
2013 চনৰ পাচত প্ৰথমবাৰৰ বাবে 10 টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছে ব্ৰডে ৷ ইয়াৰ উপৰিও ব্ৰডে এই মেচখনতেই নিজৰ আন্তঃৰাষ্ট্ৰীয় টেষ্ট কেৰিয়াৰৰ 500 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ ৱেষ্ট ইণ্ডিজ বেটছমেন ক্ৰীগ ব্ৰেথৱেটক আউট কৰি এই কৃতিত্ব লাভ কৰে খেলুৱৈগৰাকীয়ে ৷ আনহাতে মেচখনৰ ইংলেণ্ডৰ প্ৰথম ইনিংছত 33 টা বলত অৰ্ধশতক অৰ্জন কৰি ইংলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেট দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা যুটীয়া ভাৱে তৃতীয়গৰাকী খেলুৱৈৰো গৌৰৱ লাভ কৰে ব্ৰডে ৷