অসম

assam

By

Published : Dec 28, 2019, 2:15 PM IST

ETV Bharat / sports

CAAৰ অধীনত ডেনিছ কেনেৰিয়া ভাৰতলৈ আহিব পাৰে-মহছিন ৰাজা

ডেনিছ কেনেৰিয়াক নাগৰিকত্ব সংশোধনী আইনৰ অধীনত ভাৰতীয় নাগৰিকত্ব গ্ৰহণৰ আমন্ত্ৰণ মহছিন ৰাজাৰ ৷

মহছিন ৰাজাৰ আমন্ত্ৰণ
ডেনিছ কেনেৰিয়াক ভাৰতলৈ আহ্বান

স্পৰ্টছ ডেস্ক, 28 ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ মন্ত্ৰী মহছিন ৰাজাই শুকুৰবাৰে পাকিস্তানৰ ক্ৰিকেটাৰ ডেনিছ কেনেৰিয়াক নাগৰিকত্ব সংশোধনী আইনৰ (CAA) অধীনত ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, খেলুৱৈগৰাকীয়ে পাকিস্তানত যিহেতু ধৰ্মৰ ভিত্তিত বৈষম্যৰ সন্মুখীন হ'ব লগা হৈছে সেয়েহে তেওঁ ভাৰতত মুকলি মনেৰে বসবাস কৰিব পাৰিব ৷ তেওঁ লগতে কয় যে,আন এজন পাকিস্তানী ক্ৰিকেটাৰ মহম্মদ ইউছুফেও এনে বৈষম্যৰ সন্মুখীন হ'ব লগা হৈছিল যিহেতু তেওঁ খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰু তেওঁৰ পূৰ্বৰ নাম ইউছুফ ইউহানা আছিল ৷

ডেনিছ কেনেৰিয়া

মহছিন ৰাজাই কয়, "তেওঁলোকে পাকিস্তানত বৈষম্যৰ সন্মুখীন হৈছে ৷ তেওঁৰ নাম ডিনেশ কেনেৰিয়া আছিল যদিও পাকিস্তান দলত অন্তৰ্ভুক্ত হ'বৰ বাবে নিজৰ নাম ডেনিছ কেনেৰিয়া কৰি লৈছিল ৷ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে তেওঁলোকে ভাৰতলৈ আহিব পাৰিব আৰু তেওঁলোকক আমি আদৰণি জনাম ৷"

উল্লেখ্য যে,পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোয়েব আখটাৰে পূৰ্বে কেনেৰিয়াৰ ওপৰত হোৱা বৈষম্যৰ বিৰুদ্ধে মন্তব্য আগবঢ়াইছিল ৷ আখটাৰে জানিবলৈ দিয়া অনুসৰি পাকিস্তানৰ ড্ৰেছিং ৰুমত কেনেৰিয়াক ধৰ্মৰ ভিত্তিত দুৰ্বব্যৱহাৰ কৰা হৈছিল ৷

আখটাৰৰ ভাইৰেল এক ভিডিঅ'ত তেওঁ প্ৰকাশ কৰিছিল যে,কেনেৰিয়া হিন্দু হোৱাৰ বাবে পাকিস্তান দলে তেওঁৰ সৈতে খাদ্য গ্ৰহণ কৰিব বিচৰা নাছিল ৷ আখটাৰৰ মন্তব্যৰ পাচতে কেনেৰিয়াই এক বিবৃতি প্ৰকাশ কৰিছিল আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ কৰিছিল ৷ উল্লেখ্য যে, 39 বৰ্ষীয় ডেনিছ কেনেৰিয়াই পাকিস্তানৰ হৈ 60 খন টেষ্ট মেচত অংশগ্ৰহণ কৰিছে ৷ পাকিস্তানৰ হৈ অনিল ডলপাটৰ পাচতে হিন্দু ক্ৰিকেটাৰ হিচাপে ডেনিছ কেনেৰিয়াই অংশগ্ৰহণ কৰিছিল ৷

আৰু পঢ়ক : অলিম্পিক কোৱালিফায়াৰ্ছলৈ মেৰী কমৰ যোগ্যতা অৰ্জন : পৰাস্ত নিখত জাৰিন

ABOUT THE AUTHOR

...view details