নিউজ ডেস্ক,25 জুন: ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰায়ান লাৰাক মঙলবাৰে মুম্বাইৰ গ্ল'বেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ চিকিৎসালয় কৰ্তৃপক্ষই কোনো তথ্য প্ৰদান কৰাৰ পৰা বিৰত আছে যদিও এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি হঠাতে বুকুৰ বিষ অনুভৱ কৰা বাবে লাৰাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
অসুস্থতাৰ বাবে ব্ৰায়ান লাৰাক চিকিৎসালয়ত ভৰ্তি - গ্ল'বেল চিকিৎসালয়
বুকুৰ বিষত আক্ৰান্ত ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ ব্ৰায়ান লাৰা ৷ মঙলবাৰে মুম্বাইৰ গ্ল'বেল চিকিৎসালয়ত ভৰ্তি লাৰাক ৷
মঙলবাৰে দিনৰ প্ৰায় 12:30 বজাত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতে ততাতৈয়াকৈ তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷ উল্লেখ্য যে,বৰ্তমান মুম্বাইতে থকা প্ৰাক্তন খেলুৱৈ গৰাকীয়ে 'ষ্টাৰ স্পৰ্টছ' চেনেলৰ হৈ বিশ্বকাপৰ ধাৰাভাষ্যকাৰ হিচাপে দায়িত্ব পালন কৰি আছে ৷
ৱেষ্ট ইণ্ডিজৰ সৰ্বকালৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ সকলৰ ভিতৰত অন্যতম ব্ৰায়ান লাৰাৰ দখলত আছে টেষ্ট মেচত সৰ্বাধিক ৰাণৰ অভিলেখ ৷ 2004 চনত ইংলেণ্ডৰ বিৰুদ্ধে 400 ৰাণ সংগ্ৰহ কৰি অভিলেখ গঢ়িছিল প্ৰাক্তন খেলুৱৈ গৰাকীয়ে ৷ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ টেষ্টত 11,953 ৰাণ আৰু এদিনীয়াত 10,405 ৰাণ সংগ্ৰহ কৰিছে মহান তাৰকা খেলুৱৈ গৰাকীয়ে ৷