স্পৰ্টছ ডেস্ক,19 জানুৱাৰী :পুনৰবাৰ অষ্ট্ৰেলিয়াৰ মাটিতে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী দখল কৰিলে ভাৰতীয় দলে ৷ গীলৰ 91 আৰু ঋষভ পন্তৰ 89 ৰাণৰ জৰিয়তে ভাৰতে 2-1 ব্যৱধানত দখল কৰিলে বহু চৰ্চিত টেষ্ট শৃংখলা ৷ 3 উইকেটত জয়লাভ কৰে ভ্ৰমণকাৰী ভাৰতীয় দলে ৷ ভাৰতৰ হৈ মূল্যৱান 56 ৰাণৰ ইনিংছ খেলে চেতেশ্বৰ পূজাৰাই ৷
গব্বাত এই জয়েৰে ভাৰতে ঐতিহাসিক জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, 1988 চনৰ পাচত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া দলে গব্বাত টেষ্ট মেচত পৰাজয় স্বীকাৰ কৰিবলগা হৈছে ৷ আনহাতে, ভাৰতে স্বাধীনতাৰ পাচত প্ৰথমবাৰৰ বাবে কেংগাৰু বাহিনীৰ বিৰুদ্ধে গব্বাত টেষ্ট মেচত জয় লাভ কৰিছে ৷