অসম

assam

ETV Bharat / sports

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম মেচত জৰিমনাৰ সন্মুখীন ভাৰতীয় ক্ৰিকেট দল - আইচিচিৰ অনুশাসন অধিনিয়ম উলংঘা

ধীৰ গতিৰ বলিঙৰ বাবে 20 শতাংশ মেচ মাচুল কৰ্তন ভাৰতীয় ক্ৰিকেটাৰৰ ৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত জৰিমনাৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেটাৰ ৷

ভাৰতীয় ক্ৰিকেট দল
ভাৰতীয় ক্ৰিকেট দল

By

Published : Nov 28, 2020, 7:50 PM IST

স্পৰ্টছ ডেস্ক, 28 নৱেম্বৰ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত জৰিমনাৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেটাৰ ৷ ধীৰ গতিৰ বলিঙৰ বাবে 20 শতাংশ মেচ মাচুল কৰ্তন কৰা হৈছে ভাৰতীয় ক্ৰিকেটাৰৰ ৷

মেচ ৰেফাৰীৰ আইচিচিৰ এলিট পেনেল ডেভিদ বুনে বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলক এই জৰিমনা ভৰে ৷ আবন্টন কৰা নিৰ্দিষ্ট সময়তকৈ অধিক সময় লোৱা বাবে এই জৰিমনাৰ সন্মুখীন হ'বলগা হয় অষ্ট্ৰেলিয়া ভ্ৰমণকাৰী দলটো ৷

আইচিচিয়ে এক বিবৃতিত কয়, "আইচিচি অনুশাসন অধিনিয়মৰ অধীনৰ 2.22 অনুচ্ছেদৰ জৰিয়তে সকলো খেলুৱৈকে 20 শতাংশ জৰিমনা ভৰা হৈছে ৷"

জৰিমনাৰ সন্মুখীন ভাৰতীয় ক্ৰিকেট দল

বিবৃতিত লগতে উল্লেখ কৰা হৈছে, "এই ক্ষেত্ৰত কোহলী দোষী সাব্যস্ত হৈছে আৰু তেওঁ জৰিমনা ভৰিবলৈ সাজু হৈছে, সেয়েহে কোনো আনুষ্ঠানিক শুনানি গ্ৰহণ কৰা নহয় ৷ অন ফিল্ড আম্পায়াৰ ৰড টাকাৰ আৰু ছেম নোগাস্কি, টিভি আম্পায়াৰ পল ৰেইফেল আৰু ফৰ্থ আম্পায়াৰ জেৰাৰ্ড এবোডে এই শাস্তি প্ৰদান কৰিছে ৷"

লগতে পঢ়ক :আমেৰিকাত এমাহৰ প্ৰশিক্ষণৰ বাবে অনুমতি লাভ বজৰংগ পুনিয়াৰ

ABOUT THE AUTHOR

...view details