স্পৰ্টছ ডেস্ক, 21 ছেপ্তেম্বৰ :দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আইপিএলৰ দ্বিতীয়খন মেচত মুখামুখি হৈছিল দিল্লী কেপিটেলছ আৰু কিংছ ইলেভেন পাঞ্জাৱ ৷ এই মেচখনতেই দিল্লী কেপিটেলছে ফ্লিডিং কৰি থকাৰ সময়তে অভাৰৰ মাজত আঘাতপ্ৰাপ্ত হৈছিল অভিজ্ঞ বলাৰ ৰবি চন্দ্ৰন আশ্বিন ৷ ইয়াৰ পাচতেই খেলপথাৰ ত্যাগ কৰে খেলুৱৈগৰাকীয়ে ৷
এই সন্দৰ্ভত শেহতীয়াকৈ দিল্লীৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে আশ্বিনৰ আঘাত সন্দৰ্ভত এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আয়াৰে কয়, আশ্বিনে জনাইছে যে, তেওঁ আগন্তুক মেচৰ পূৰ্বে সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিব ৷ কিন্তু অন্তিম সিদ্ধান্ত ফিজিঅ’ই গ্ৰহণ কৰিব বুলি কয় অধিনায়কগৰাকীয়ে ৷