স্পৰ্টছ ডেস্ক, 13 ছেপ্তেম্বৰঃ দ্য অভেলত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পঞ্চমখন টেষ্টৰ প্ৰথম দিনৰ অন্তত 8 উইকেটৰ বিনিময়ত 271 ৰান সংগ্ৰহ ইংলেণ্ডৰ ৷ বৰ্তমান ইংলেণ্ডৰ হৈ জছ বাটলাৰ (64) আৰু জেক লীচ (10) ৰান কৰি ক্ৰীজত বৰ্তি আছে ৷ মেচখনত অষ্ট্ৰেলিয়াই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷
এছেজ পঞ্চম টেষ্টঃ প্ৰথম দিনৰ অন্তত ইংলেণ্ডৰ 271 ৰান - জছ বাটলাৰ
পঞ্চম টেষ্টৰ অন্তত ইংলেণ্ডৰ সংগ্ৰহ 271 ৰান ৷ জছ বাটলাৰ আৰু জ ৰুটৰ অৰ্ধশতকীয় ইনিংছ ৷
ইপিনে প্ৰথমে বেটিং কৰিবলৈ আহি ইংলেণ্ড দলটোৰ আৰম্ভণি দুৰ্বল হয় ৷ দলটোৱে প্ৰথমটো উইকেট হেৰুৱাই 27 ৰানৰ দলীয় স্কৰত ৷ জু ডেনলী 14 ৰান কৰি পেভিলিয়নমুখী হয় ৷ ইয়াৰ পাচত ৰৰী বাৰ্ণছ আৰু জু ৰুটে দলৰ স্কৰ কিছু আগবঢ়াবলৈ চেষ্টা চলায় যদিও 47 ৰানত হেজলৱুডৰ হাতত আউট হয় বাৰ্ণাছ ৷ আনহাতে 57 ৰান কৰি পেট কামিংন্সৰ বলত আউট হয় ৰুট ৷ ইয়াৰ পাচত বেন ষ্টক্ছ (20), জনী বেয়াৰেষ্ট (22), ছেম কৰণ (15), ক্ৰীছ ৱক্ছ (2), জফ্ৰা আৰ্চাৰো (9) ৰান কৰি পেভিলিয়নলৈ উভতে ৷
অষ্ট্ৰেলিয়াৰ হৈ মিটচেল মাৰ্ছে 4 টা, পেট কামিংন্স আৰু জছ হেজলৱুডে 2 টা-2 টা কৈ উইকেট দখল কৰে ৷