স্পৰ্টছ ডেস্ক, 14 ছেপ্তেম্বৰঃ বাতিল হ’ল আফগানিস্তান প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণ ৷ প্ৰথম ছিজনৰ ব্যৱসায়িক অংশীদাৰে সম্পূৰ্ণ ধন মোকলাই নিদিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ আফগানিস্তান ক্ৰিকেট বৰ্ডৰ ৷ বৰ্ডে উল্লেখ কৰিছে যে, স্নিক্সাৰ স্পৰ্টছে প্ৰথম ছিজনৰ চুক্তিবদ্ধ হোৱা ধন দিয়াত ব্যৰ্থ হৈছে ৷ সেয়ে বৰ্তমান স্নিক্সাৰ স্পৰ্টছৰ সৈতে চুক্তি ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ আনহাতে দুৰ্নীতি সন্দৰ্ভতো তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় বৰ্ডে ৷
বাতিল হ’ল আফগানিস্তান প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণ
বিগত বৰ্ষত 5 অক্টোবৰৰ পৰা 21 অক্টোবৰলৈ ইউনাইটেড আৰৱ আমিৰেটত অনুষ্ঠিত হৈছিল আফগানিস্তান প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণ ৷ এই লীগত অংশগ্ৰহণ কৰিছিল পাঁচখনকৈ দেশে ৷
বাতিল হ’ল আফগানিস্তান প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণ
বিগত বৰ্ষত 5 অক্টোবৰৰ পৰা 21 অক্টোবৰলৈ ইউনাইটেড আৰৱ আমিৰেটত অনুষ্ঠিত হৈছিল আফগানিস্তান প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণ ৷ এই লীগত অংশগ্ৰহণ কৰিছিল পাঁচখনকৈ দেশে ৷ এই প্ৰতিযোগিতাত ক্ৰীছ গেইল, শ্বাহিদ আফ্ৰিদী, আণ্ড্ৰে ৰাছেল, ৰাছিদ খানৰ দৰে খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷