গুৱাহাটী,22 জানুৱাৰীঃ তামিলনাডুৰ কইম্বাটোৰ অঞ্চলৰ হৰিহৰণ আৰু আৰ ৰোব্বান একাদশ শ্ৰেণীৰ ছাত্ৰ। চাৰি বছৰ পূর্বে বেডমিণ্টন খেলিবলৈ আৰম্ভ কৰা এই একাদশ শ্ৰেণীৰ ছাত্ৰদ্বয়ে চীনৰ বেডমিণ্টন খেলুৱৈৰ খেল দেখি প্ৰেৰণা লাভ কৰিছিল ৷ ভৱিষ্যতে চীনৰ শ্বাটলাৰসকলৰ দৰে খেলাৰ লক্ষ্য হাতত লৈছিল এই দুয়োজন খেলুৱৈয়ে।
খেল' ইণ্ডিয়াত তামিলনাডুৰ হৰিহৰণ আৰু আৰ ৰোব্বানৰ দুৰ্দান্ত প্ৰদৰ্শন - খেল' ইণ্ডিয়াত তামিলনাডুৰ হৰিহৰণ আৰু আৰ ৰোব্বানৰ দুৰ্দান্ত প্ৰদৰ্শন
পঢ়া শুনাৰ সমান্তৰালকৈ 6 ঘণ্টা জোৰা কঠোৰ অনুশীলন কৰি আহিছে দুয়োজন খেলুৱৈয়ে। ইয়াৰ পূৰ্বেও এই যুটীয়ে 2019 বৰ্ষৰ ইম্ফলত অনুষ্ঠিত ইণ্ডিয়ান নেশ্যনেল জুনিয়ৰ বেডমিণ্টন পুৰুষৰ 17 বছৰ অনুৰ্দ্ধৰ ডাবলছত স্বৰ্ণ পদক লাভ কৰিছিল।
তামিলনাডুৰ হৰিহৰণ আৰু আৰ ৰোব্বানৰ দুৰ্দান্ত প্ৰদৰ্শন
সেয়ে গুৱাহাটীৰ তৰুণৰাম ফুকন ইণ্ড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেল' ইণ্ডিয়াৰ পুৰুষৰ 17 বছৰৰ অনুৰ্দ্ধ বেটমিণ্টন ডাবলছত হৰিহৰণ আমছা কৰোনাম আৰু আৰ ৰোব্বানৰ যুটীয়ে হাৰিয়ানাৰ আৰিয়ান আৰু ভৰত ৰাঘৱক 21- 12, 21-13 ত পৰাজয় কৰে। স্বৰ্ণ পদক লাভেৰে খেল' ইণ্ডিয়া পদকৰ তালিকাত তামিলনাডু অষ্টম স্থানলৈ আহে ৷ বৰ্তমানলৈ 16 টা স্বৰ্ণ , 28 টা ৰূপ আৰু 18 টা ব্ৰঞ্জ পদক লাভ কৰিছে তামিলনাডুয়ে।
লগতে পঢ়কঃ গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে দেখা যাব মহিলা বাইকাৰ্ছ দল