গোলাঘাট,13 নৱেম্বৰঃ সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো উদযাপিত হয় শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস লীলা।গোলাঘাট জিলাৰ অন্যান্য প্ৰান্তৰ লগতে কমাৰবন্ধাৰ কানুগাঁৱতো দুদিনীয়াকৈ উদযাপন কৰা হয় শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ । পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰই ৰাস মহোৎসৱৰ মাজতে প্ৰদান কৰে চিন্ময়ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-2019। 2019 বৰ্ষৰ বাবে এই বিশেষ বঁটা প্ৰদান কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাক ৷ উল্লেখ্য যে, দ্বিতীয় বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰে সাংস্কৃতিক চৰ্চা কেন্দ্ৰটোৱে ৷ প্ৰথম বৰ্ষত এই বঁটা আগবঢ়াইছিল বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাক। গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই নেত্ৰকাই খ্যাত অভিনেতাগৰাকীক প্ৰদান কৰে এই বঁটা ৷
নেত্ৰকাই লৈ 'চিন্ময়ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা' - arun hazarika
গোলাঘাটৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰই ৰাস মহোৎসৱৰ মাজতে প্ৰদান কৰে 'চিন্ময়ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা 2019'। মঙলবাৰে গোলাঘাটৰ উপায়ুক্ত ধীৰেণ হাজৰিকাই বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাক প্ৰদান কৰে এই বঁটা ৷
অৰুণ হাজৰিকালৈ 'চিন্ময়ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা 2019'