অসম

assam

By

Published : Oct 1, 2021, 5:33 PM IST

ETV Bharat / sitara

কিয় জীৱনৰ চৰম সিদ্ধান্ত ল'লে কানাড়া অভিনেত্ৰী সৌজন্যাই ?

শুকুৰবাৰে বেংগালুৰু চহৰৰ উপকণ্ঠ অঞ্চলত থকা এটা এপাৰ্টমেণ্টত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে জনপ্ৰিয় কানাড়া অভিনেত্ৰী সৌজন্যাৰ মৃতদেহ । আৰক্ষীয়ে এই ঘটনাক আত্মহত্যা বুলি সন্দেহ কৰিছে যদিও অভিনেত্ৰীগৰাকীয়ে কিয় আত্মহননৰ সিদ্ধান্ত ল'লে, তাৰ সঠিক কাৰণ এতিয়াও পোহৰলৈ অহা নাই । আৰক্ষীৰ হাতত পৰিছে সৌজন্যাই এৰি যোৱা চাৰি পৃষ্ঠাজোৰা চুইচাইড নোট ।

Soujanya suicide case
কানাড়া অভিনেত্ৰী সৌজন্যাৰ আত্মহত্যা

চিটাৰা ডেস্ক , ১ অক্টোবৰ: কানাড়া টেলিভিছন জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী সৌজন্যাৰ(Kannada small-screen actor Soujanya) ৰহস্যজনক মৃত্যুৱে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শুকুৰবাৰে বেংগালুৰু চহৰৰ উপকণ্ঠৰ ডড্ডাবেলে গাঁৱৰ ওচৰত থকা এটা এপাৰ্টমেণ্টত সন্দেহজনক অৱস্থাত অভিনেত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । তদন্তৰ সময়ত আৰক্ষীয়ে চাৰি পৃষ্ঠাজোৰা চুইচাইড নোট উদ্ধাৰ কৰে । কিন্তু , আৰক্ষীয়ে এই পৰ্যন্ত কানাড়া টেলিভিছন জগতৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ কাৰণ প্ৰকাশ কৰা নাই ।

আৰক্ষীয়ে উদ্ধাৰ কৰা চুইচাইড নোটত সৌজন্যাই তেওঁ মানসিক অশান্তিত ভুগি থকা বুলি উল্লেখ কৰিছে ৷ এই অশান্তিকৰ পৰিস্থিতিৰে যুঁজ দিবলৈ তেওঁ অপাৰগ বুলি জানিবলৈ দি অভিনেত্ৰীয়ে গৰাকীয়ে মানসিক অস্থিৰতাকে মৃত্যুৰ কাৰণ বুলি উল্লেখ কৰিছে যদিও আৰক্ষীয়ে তেওঁৰ আত্মহত্যাৰ কাৰণ নিশ্চিত কৰা নাই । চুইচাইড নোটত সৌজন্যই লিখিছিল "এনে সিদ্ধান্ত লোৱাৰ বাবে মই সঁচাকৈয়ে দুঃখিত । দেউতা মই আপোনাক বহুত ভাল পাওঁ" ।

এই কঠিন সময়ৰে সৈতে যুঁজ দিয়াতো তেওঁৰ বাবে জটিল হৈ পৰিছে বুলিও অভিনেত্ৰীগৰাকীয়ে চুইচাইড নোটটোত উল্লেখ কৰে । মাতৃৰ পৰাও ক্ষমা বিচৰাৰ লগতে দেউতাকক মাতৃৰ যত্ন ল'বলৈ তেওঁ আহ্বান জনায় ।

উল্লেখ্য যে, শুকুৰবাৰে দিনৰ প্ৰায় 11 বজাত আৰক্ষীক এই আত্মহত্যাৰ ঘটনাৰ বিষয়ে অৱগত কৰা হৈছিল ৷ বিগত প্ৰায় ডেৰ বছৰ ধৰি অভিনেত্ৰীগৰাকী এটা এপাৰ্টমেণ্টত অকলে বাস কৰি আহিছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত সমগ্ৰ ঘটনা আত্মহত্যা হিচাপে পোহৰলৈ আহিছে যদিও ঘটনাৰ সৈতে জড়িত সকলো তথ্য পোষ্টমৰ্টেম ৰিপৰ্টৰ পাচতহে জানিব পৰা যাব ৷

লগতে পঢ়ক: মুক্তিলাভৰ 5 টা বছৰ সম্পূৰ্ণ MS Dhoni: The Untold Story ৰ

ABOUT THE AUTHOR

...view details