গুৱাহাটী,23 অক্টোবৰ : কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে স্থবিৰ হৈ পৰিছিল ৰাজ্যৰ সাংস্কৃতিক জগত । সম্প্ৰতি ধীৰ গতিত আৰম্ভ হৈছে কাম-কাজসমূহ । ৰাজ্যত আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাচতে কেইবাগৰাকীও নৱাগত অভিনেতা,কণ্ঠশিল্পীয়ে প্ৰস্তুত কৰি উলিয়াইছে এটা বিশেষ গান। গুৱাহাটীৰ লতাশিলস্থিত চাইলজী কেফেত বৃহস্পতিবাৰে মুকলি কৰা হয় ‘মোৰ কপালতে’ শীৰ্ষক গানটোৰ ভিডিঅ’ । AC MULTIMEDIA ইউটিউব চেনেলত মুক্তি লাভ কৰে এই ভিডিঅ’টি ৷
অৰ্চনা বৰদলৈৰ কথা আৰু পৰিচালনাৰে নিৰ্মাণ কৰা এই গানটোত কণ্ঠদান কৰিছে কণ্ঠশিল্পী প্ৰণামী প্ৰিয়মে । ভিডিঅ’ত আছে নৱাগত অভিনেতা অভিজিৎ চক্ৰৱৰ্তী,কংকণ,অভিনেত্ৰী জুনু নাথে ।