চিটাৰা ডেস্ক, 30 অক্টোবৰ :জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰ(Simanta Shekhar)ৰ নতুন গীত মুকলি ৷ ৰাজ্যিক বিজেপিৰ ‘আকৌ এবাৰ মোডী চৰকাৰ’ শীৰ্ষক নিৰ্বাচনী প্ৰচাৰৰ মূল গীতটি গাই অধিক চৰ্চিত আৰু সমালোচনাৰ সন্মুখীন হৈছিল কণ্ঠশিল্পী তথা বিজেপি সমৰ্থক সীমান্ত শেখৰে ৷
প্ৰায় তিনি বছৰৰ বিৰতিৰ অন্তত এইবাৰ অনুৰাগীসকলৰ বাবে এটি নতুন গীত মুকলি কৰিছে কণ্ঠশিল্পীগৰাকীয়ে ৷ সীমান্ত শেখৰ আৰু কণ্ঠশিল্পী তৰুলতা কুটুম(Tarulata Kutum)ৰ কণ্ঠত মুক্তিলাভ কৰিছে ‘কাংকান’(Kankan) শীৰ্ষক এটি গীত ৷