অসম

assam

ETV Bharat / sitara

বৰ্ণবাদী মন্তব্য কৰি বিপদত অভিনেত্ৰী মুনমুন দত্ত - মধ্য প্ৰদেশ

অভিনেত্ৰী মুনমুন দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ বৰ্ণবাদী মন্তব্য কৰাৰ অভিযোগত অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে ৷ মনিষ সাংখলে নামৰ এগৰাকী ব্যক্তিয়ে মধ্য প্ৰদেশৰ বাৰৱানিত দত্তৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ৷

FIR filed against actress Munmun Dutta for using casteist slur
বৰ্ণবাদী মন্তব্য কৰি বিপদত অভিনেত্ৰী মুনমুন দত্ত

By

Published : May 15, 2021, 10:47 AM IST

চিটাৰা ডেস্ক,15 মে': সামাজিক মাধ্যমত বৰ্ণবাদী মন্তব্য কৰি বিপদত পৰিছে টেলিভিছনৰ তাৰকা মুনমুন দত্ত ৷ সামাজিক মাধ্যমত দত্তই কৰা মন্তব্যৰ বাবে শুকুৰবাৰে তেওঁৰ বিৰুদ্ধে মধ্য প্ৰদেশৰ বাৰৱানিত এক গোচৰ ৰুজু কৰা হৈছে ৷ মনিষ সাংখলে নামৰ এগৰাকী ব্যক্তিয়ে দত্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ৷ সামাজিক মাধ্যমত প’ষ্ট কৰা এটা ভিডিঅ'ত বৰ্ণবাদী মন্তব্য কৰাৰ বাবে মনীষ নামৰ ব্যক্তি গৰাকীয়ে গোচৰ ৰুজু কৰিছে ৷

শেহতীয়াকৈ এক ইউ টিউব ভিডিঅ'ত অভিনেত্ৰী গৰাকীয়ে কৰা মন্তব্যৰ পাচতে টুইটাৰত এক হেশ্বটেগেৰে বিভিন্নজনে অভিনেত্ৰী গৰাকীৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে ৷ 'তাৰক মেহতা কা উল্টা চশমা' ৰ ববিতা শীৰ্ষক চৰিত্ৰৰ বাবে জনাজাত মুনমুনে অৱশেষত তেওঁ কৰা মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে ৷

ভিডিঅ'টোত মুনমুনে মেকআপৰ বিষয়ে কৈ থাকোতে এক বিশেষ সম্প্ৰদায়ৰ কথা উল্লেখ কৰে ৷ তেওঁৰ বিশেষ মন্তব্যৰ পাচতে সকলোতে হুলস্থুলৰ সৃষ্টি হয় আৰু অভিনেত্ৰী গৰাকীয়ে কয় যে, শব্দটোৰ অৰ্থ সম্পৰ্কে তেওঁৰ ধাৰণা ভুল আছিল ৷

টুইটাৰযোগে এই কথা সদৰী কৰি অভিনেত্ৰীগৰাকীয়ে এইবুলি কয়, "This is in reference to a video that I posted yesterday wherein one word used by me has been misinterpreted. It was never said with the intent of insult, intimidate, humiliate or hurt anyone's feelings."

প্ৰতিটো ধৰ্ম, জাতিৰ প্ৰত্যেক মানুহৰ বাবে তেওঁৰ সমান সন্মান আছে বুলি জানিবলৈ দি অভিনেত্ৰী গৰাকীয়ে কয় যে, ভাষাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ বাবে তেওঁ ভুলবশতঃ এটা বিশেষ শব্দ প্ৰয়োগ কৰিছিল ৷ নাজানি কৰা তেওঁৰ এই ভুলৰ বাবে মনোকষ্ট পোৱা প্ৰতিগৰাকী ব্যক্তিকে তেওঁক ক্ষমা কৰি দিবলৈ অভিনেত্ৰী গৰাকীয়ে আহ্বান জনায় ৷

উল্লেখ্য যে, অভিনেত্ৰী গৰাকীয়ে যদিও ভিডিঅ'টোৰ সেই বিশেষ অংশ পাচত আঁতৰাই দিছিল, ইতিমধ্যে ভিডিঅ'টো সামাজিক মাধ্যমত বিয়পি পৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত সকলোৱে এতিয়া মুনমুন দত্তৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক:চাইবেৰাবাদ আৰক্ষীক অক্সিজেন কনচেণ্ট্ৰেটৰ প্ৰদান হৰ্ষবৰ্ধন ৰাণেৰ

ABOUT THE AUTHOR

...view details