অসম

assam

ETV Bharat / sitara

টিভি ধাৰাবাহিক নিৰ্মাতালৈ নিৰ্বাচন আয়োগৰ জাননী - assam news

ধাৰাবাহিকৰ জৰিয়তে বিভিন্ন চৰকাৰী যোজনা প্ৰচাৰ কৰি নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগতে জী টিভি আৰু এণ্ড টিভিত প্ৰচাৰিত দুখন ধাৰাবাহিকৰ নিৰ্মাতাৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ

টিভি ধাৰাৱাহিক নিৰ্মাতালৈ নিৰ্বাচন আয়োগৰ জাননী

By

Published : Apr 10, 2019, 3:40 PM IST

নিউজ ডেস্ক, 10 এপ্ৰিলঃ নিৰ্বাচন আয়োগৰ জাননী প্ৰেৰণ টিভি ধাৰাবাহিক নিৰ্মাতাৰ বিৰুদ্ধে ৷ ধাৰাবাহিকৰ জৰিয়তে বিভিন্ন চৰকাৰী যোজনা প্ৰচাৰ কৰি নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ অভিযোগত জী টিভি আৰু এণ্ড টিভিত প্ৰচাৰিত দুখন ধাৰাবাহিকৰ নিৰ্মাতাৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ ৷ আনহাতে, মহাৰাষ্ট্ৰৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া দিলীপ সিন্ধেই কয় যে, ধাৰাবাহিক দুখনৰ বিৰুদ্ধে দিয়া অভিযোগৰ ভিত্তিতে নিৰ্বাচন আয়োগে মঙলবাৰে ধাৰাবাহিক দুখনৰ নিৰ্মাতা দুগৰাকীক জাননী প্ৰেৰণ কৰে ৷ জাননীত এদিনৰ ভিতৰত বিষয়টো সন্দৰ্ভত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে নিৰ্বাচন আয়োগে ৷

ABOUT THE AUTHOR

...view details