অসম

assam

ETV Bharat / sitara

Cannes 2021: চলচ্চিত্ৰ মহোৎসৱৰ চূড়ান্ত প্ৰস্তুতি - কেন্স 2021

দেওবাৰে 74 সংখ্যক Cannes Film Festival ৰ চূড়ান্ত প্ৰস্তুতি কৰা হৈছে ৷ ক’ভিড (Covid) মহামাৰীৰ বাবে মে’ৰ পৰা জুলাই মাহলৈ স্থগিত ৰখা হৈছিল এই মহোৎসৱ ৷

কেন্স 2021
Cannes 2021

By

Published : Jul 5, 2021, 2:25 PM IST

চিটাৰা ডেস্ক, 5 জুলাই : ক’ভিড (Covid) মহামাৰীৰ বাবে মে’ৰ পৰা জুলাই মাহলৈ স্থগিত ৰখা 74 সংখ্যক Cannes Film Festival ৰ অৱশেষত দ্বাৰ মুকলি হ’ব ৷ অনিবাৰ্য ৰূপত পূৰ্ণ সংস্কৰণ ৰূপে Cannes হ’ব প্ৰথম চলচ্চিত্ৰ মহোৎসৱ ৷ শুভাৰম্ভণিৰ পূৰ্বে দেওবাৰে মহোৎসৱৰ চূড়ান্ত প্ৰস্তুতি চলোৱা হৈছিল ৷

এই প্ৰস্তুতিৰ সময়ত Palais Des Festivals ৰ সন্মুখত মহোৎসৱৰ বিশাল প’ষ্টাৰ আঁৰি থোৱা হয় ৷ চলিত বৰ্ষৰ প’ষ্টাৰত 2021 বৰ্ষৰ জুৰীৰ মুখ্য নিৰ্দেশক স্পাইক লী (Spike Lee) কো অন্তৰ্ভুক্ত কৰা হয় ৷ মহোৎসৱত তেওঁ শীৰ্ষ বঁটা Palme d'Or ৰ অধিকাৰীক চিনাক্ত কৰিব বুলি জানিব পৰা গৈছে ৷

2021 বৰ্ষৰ লাইনআপ (Lineup)ত আন বহুকেইখন শীৰ্ষ ছবিৰ নিৰ্মাতাৰ নাম অন্তৰ্ভুক্ত হৈ আছে- ৱেছ এণ্ডাৰছন (The French Dispatch), অছঘৰ ফাৰহাদী (A Hero), পল ভাৰহোৱেন (Benedetta), জেকছ অ’ডিয়াৰ্ড (Paris, 13th District), ব্ৰুনো ডুম’ণ্ট (Par un Demi Clair Matin) আৰু চীন পেন (Flag Day) ৷

লগতে পঢ়ক :কিৰণহীন হ’ব ৰিল লাইফৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টৰ জীৱন

ABOUT THE AUTHOR

...view details