অসম

assam

ETV Bharat / sitara

King of Pop মাইকেল জেকচনৰ জন্মদিন বিশেষ - মাইকেল জেকচন

আজি King of Pop মাইকেল জেকচনৰ 63 সংখ্যক জন্মদিন ৷ পপ সংগীতক সমগ্ৰ বিশ্বতে পৰিচয় কৰাই দিয়া Global Star গৰাকীৰ বিষয়ে আহঁক জানো কিছু কথা...

Michael Jackson birthday : some shocking facts about the King of Pop
King of Pop মাইকেল জেকচনৰ জন্মদিন বিশেষ

By

Published : Aug 29, 2021, 9:21 AM IST

চিটাৰা ডেস্ক, 29 আগষ্ট : 1958ত আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল King of Pop মাইকেল জেকচনে ৷ মাইকেল জেকচনে পপ সংগীতক সমগ্ৰ বিশ্বতে পৰিচিত কৰাইছিল ৷ মাইকেল জেকচনক তেওঁৰ বিশেষ গীতৰ শৈলীৰ উপৰিও নৃত্যৰ বাবেও জনা যায় ৷ বৰ্তমান সময়তো বলিউডৰ লগতে হলিউডৰ বহু তাৰকাই তেওঁৰ ডাঞ্চ ষ্টাইল বিশেষকৈ Moon Walkক অনুসৰণ কৰে ৷

ফটো সৌজন্য Google

আজি এই আন্তঃৰাষ্ট্ৰীয় তাৰকাগৰাকীৰ জন্মদিন উপলক্ষে আহক জানো তেওঁৰ বিষয়ে কিছু কথা :

খোলা চকুৰে দেখা সপোন কিদৰে দিঠকত পৰিণত কৰিব পাৰি তাৰেই উদাহৰণ হ’ল মাইকেল জেকচন ৷ মাইকেল জেকচনৰ জন্ম আমেৰিকাৰ ইণ্ডিয়ানা প্ৰান্তৰ এখন সৰু চহৰ গৈৰীত হৈছিল ৷ সৰুৰে পৰা সংগীত প্ৰতি ৰাপ আছিল মাইকেলৰ ৷ 1964 চনত তেওঁ নিজৰ ভাতৃসকলৰ দল The Jackson 5ৰ অন্তৰ্ভূক্ত হয় ৷ ইয়াৰ পৰাই মাইকেল জেকচনে সংগীতৰ পৃথিৱীখনত নিজকে পৰিচিত কৰিবলৈ সংগ্ৰাম আৰম্ভ কৰে ৷

ফটো সৌজন্য Google

1971 তেওঁ কন্ঠশিল্পী হিচাপে যাত্ৰা আৰম্ভ কৰে ৷ 80 ৰ দশক আৰম্ভ হোৱাৰ লগে লগে মাইকেল জেকচনে সংগীত পৃথিৱীখনত নিজৰ এক পৃথক পৰিচয় সৃষ্টি কৰে ৷

কিন্তু সংগীত জগতৰ এটি পৰিচিত নাম হৈ পৰাৰ পিছতো বৰ্ণ বৈষম্যৰ সন্মুখীন হৈছিল কন্ঠশিল্পীগৰাকী ৷ কিন্তু তেওঁ Beat It Billie Jean আৰু Thriller এলবামে বৰ্ণবাদৰ বাধা নেওচি সফলতা অৰ্জন কৰে ৷ তেওঁৰ Thriller এলবামখন সেই সময়ৰ Best Selling এলবাম আছিল ৷ Off the Wall, Bad, Dangerous আৰু History এ তেওঁক সফলাত অন্য শিখৰলৈ লৈ যায় ৷

ফটো সৌজন্য Google

ইয়াৰ পিছতে তেওঁক সকলোৱে King of Pop হিচাপে সম্বোধন কৰিবলৈ আৰম্ভ কৰে ৷ মইকেল জেকচনক ‘গ্ৰেমী’, ‘আমেৰিকান মিউজিক এৱৰ্ড’, ‘গ্ৰেমী লাইফটাইম এচিফমেন্ট এৱৰ্ড’সহ কেইবাটাও পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল ৷ মাইকেল জেকচনৰ সংগীতৰ যাত্ৰা যিমান আকৰ্ষণীয় আছিল তেওঁৰ ব্যক্তিগত জীৱন সিমানেই বিতৰ্কিত আছিল ৷

তেওঁৰ চাৰ্জাৰীক লৈ বহু প্ৰশ্নৰ উত্থাপন হৈছিল ৷ নিজৰ কেৰিয়াৰৰ আৰম্ভণিতে মাইকেল জেকচনে প্ৰায় 100 টাকৈ কচমেটিক চাৰ্জাৰী কৰিছিল ৷ ইয়াৰ বাবে তেওঁৰ চেহেৰা সম্পূৰ্ণ বেলেগ হৈ পৰিছিল ৷ ইয়াৰ উপৰিও তেওঁৰ কেইবাটাও স্থায়ী কচমেটিক টেটু আছিল ৷ ইয়াৰে অন্যতম হ’ল তেওঁৰ pink liner under his lips ৷

ফটো সৌজন্য Google

আনহাতে, তেওঁ নিজৰ হাত, ডিঙি আৰু হাতৰ মনিবন্ধৰো চাৰ্জাৰী সম্পন্ন কৰাইছিল কিন্তু তেওঁ এই কথা লুকুৱাই ৰাখিছিল ৷

90ৰ দশকত তেওঁৰ ওপৰত যৌন নিৰ্যাতনৰো অভিযোগ উত্থাপন হৈছিল ৷ আনকি 2002 চনত তেওঁ যৌন নিৰ্যাতনৰ অভিযোগত দুদিন কাৰাবাসো খাটিবলগীয়া হৈছিল ৷ কোৱা হয় যে, মাইকেল জেকচনে নিজৰ দেহটোক ভালদৰে ৰাখিবলৈ আৰু দীৰ্ঘ সময়লৈকে জীয়াই থাকিবলৈ অক্সিজেন চেম্বাৰত শুইছিল ৷ বহু কম লোকে জানে যে, মাইকেল জেকচন তপা আছিল ৷

ফটো সৌজন্য Google

ইয়াৰ উপৰিও তেওঁৰ মূৰৰ এটা কাষে জ্বলাৰ চিন আছিল ৷ মূৰতো মাইকেল জেকচনৰ আছিল টেটু ৷ তেওঁক wigs পিন্ধা বুলি কয় বহুতে ৷ মাইকেল জেকছনৰ insomnia আছিল ৷ তেওঁ নিজকে বেজী দিছিল, তেওঁ নিজৰ বাহুত অগণন hole marks প্ৰস্তুত কৰিছিল ৷ মাইকেল জেকচেনৰ চোৱাচিতাৰ বাবে ঘৰত 12 জনকৈ চিকিৎসক আছিল যিসকলে নিয়মিতভাৱে তেওঁৰ ভৰিৰ পৰা মূৰলৈকে পৰীক্ষা কৰিছিল ৷

কেৱল এয়াই নহয় মাইকেল জেকচনে ব্যায়াম কৰাবলৈয়ো 15 গৰাকীকৈ প্ৰশিক্ষকক নিয়োগ কৰিবলৈ ৷ আনকি তেওঁৰ খাদ্য খোৱাৰ আগতে লেৱৰেটৰীত পৰীক্ষা কৰা হৈছিল ৷ তেওঁ কোনো লোকক হস্তমৰ্দন কৰাৰ আগতে হাতমোজা পৰিধান কৰিছিল, সামাজিক স্থানত মাস্ক পৰিধান কৰিছিল ৷

ফটো সৌজন্য Google

মাইকেল জেকচনে সামাজিক কামৰ বাবে সমগ্ৰ বিশ্বতে নিজৰ সংগীতানুষ্ঠান পৰিবেশন কৰিছিল ৷ 39 টাকৈ দাতব্য সংস্থাক সহযোগ কৰাৰ বাবে তেওঁক গীনিজ সংস্থায়ো সন্মানিত কৰিছিল ৷ বহু কম সংখ্যক লোকে জানে ভাৰতত তেওঁক প্ৰথমবাৰলৈ শিৱ সেনাই আমন্ত্ৰণ জনাইছিল ৷ শিৱ সেনাৰ আমন্ত্ৰণতে তেওঁ মুম্বাইলৈ আহিছিল ৷ বিমানবন্দৰত অভিনেত্ৰী সোণালী বেন্দ্ৰেই তেওঁক আদৰণি জনাইছিল ৷

ফটো সৌজন্য Google

লগতে পঢ়ক :শ্বুটিঙত ব্যস্ত আছিল Tom Cruise: BMW লৈ উধাও চোৰ

ABOUT THE AUTHOR

...view details