চিটাৰা ডেস্ক, 30 জুলাই :পুনৰ সলনি হ’ল অক্ষয় কুমাৰ অভিনীত ছবি ‘বেল বটম’ (Bell Bottom)ৰ মুক্তিৰ দিন ৷ 19 আগষ্টত ছবিখনৰ নতুন মুক্তিৰ দিন ঘোষণা কৰিছে নিৰ্মাতাই ৷ ইয়াৰ পূৰ্বে দুবাৰকৈ সলনি কৰা হৈছিল ছবিখনৰ মুক্তিৰ তাৰিখ ৷ প্ৰথমতে 2 এপ্ৰিল আৰু তাৰ পাচত 27 জুলাইত ছবিখনে মুক্তিলাভ কৰিব বুলি ঘোষণা কৰা হৈছিল ৷
ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰি অভিনেতা অক্ষয় কুমাৰে ইনষ্টাগ্ৰামত লিখে "মিছন: ডাঙৰ পৰ্দাত আপোনালোকক মনোঞ্জৰণ প্ৰদান কৰাৰ, 2021ৰ 19 আগষ্ট, বেল বটমৰ আগমনৰ দিন ঘোষণা কৰিলো" (Mission: To Entertain you on the BIG SCREEN.Date: August 19, 2021. Announcing the arrival of Bell Bottom) ৷ ইয়াৰ পূৰ্বে চলিত বৰ্ষতে ছবিখনে ডিজিটেল প্লেটফৰ্মত মুক্তিলাভ কৰিব বুলি বাতৰি প্ৰচাৰ হৈছিল ৷ পৰৱৰ্তী সময়ত এই বাতৰি নাকচ কৰে ছবিখনৰ নিৰ্মাতাই ৷