চিটৰা ডেস্ক, 15 ডিচেম্বৰ:হৃত্বিক ৰোশনৰ প্ৰৰোচনামূলক এজাহাৰ অপৰাধ শাখালৈ স্থানান্তৰিত হোৱাৰ পাচতে কংগনা ৰাণাৱটে ক্ৰিছ ছবিৰ অভিনেতা গৰাকীক পুনৰ তেওঁৰ "sob story" আৰম্ভ হ'ল বুলি কটুক্তি কৰে ৷
হৃত্বিকলৈ কংগনাৰ প্ৰশ্ন: কেতিয়ালৈ এই সৰু সম্বন্ধটোৰ বাবে কান্দিবা? কংগণা তেওঁৰ ককাক, ব্ৰহ্ম চান্দ ৰাণাৱটৰ মৃত্যুৰ শোকত ম্ৰিয়মান হৈ থকাৰ সময়তে হৃত্বিকক লক্ষ্য কৰি লৈ, তেওঁ আগবাঢ়ি যাবলৈ মান্তি নহয় বুলি মন্তব্য কৰে ৷
তেওঁ টুইটাৰযোগে লিখে, "তেওঁৰ sob story পুনৰ আৰম্ভ হ'ল ৷ আমাৰ ব্ৰেকআপ আৰু তেওঁৰ বিবাহ বিচ্ছেদৰ ইমান বছৰৰ পাচতো তেওঁ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মান্তি নহয়, কোনো মহিলাকে ডেট কৰাৰ বাবে মান্তি নহয়, মাত্ৰ যেতিয়াই মই মোৰ ব্যক্তিগত জীৱনত কিছু সাহস আৰু আশাৰ ৰেঙনি দেখো তেতিয়াই তেওঁ পুনৰ সেই একে নাটক আৰম্ভ কৰি দিয়ে ৷"
তেওঁ হৃত্বিকক তেওঁলোকৰ কথিত সম্বন্ধক লৈ আমনি কৰি থকাটো বন্ধ কৰিবলৈ কয় আৰু লিখে, "@iHrithik কেতিয়ালৈ এই সৰু সম্বন্ধটোৰ বাবে কান্দিবা (When will you stop crying over a small affair) ?"
লগতে পঢ়ক:স্প'ৰ্টছ ব্ৰেণ্ডৰ দৃশ্যগ্ৰহণত দেখা গ'ল কৰীণা কাপুৰক