চিটাৰা, 2 নৱেম্বৰ:আহিবলগীয়া ছবি ভেড়িয়াত দেখিবলৈ পোৱা যাব বলীউড তাৰকা বৰুণ ধাৱন আৰু কৃতী চেননক ৷ অমৰ কৌশিকৰ পৰিচালনাত নিৰ্মাণ হ'ব ছবিখন ৷
দিলৱালেত ৰোমাঞ্চকৰ অভিনয় কৰা বৰুণ আৰু কৃতী, কৌশিকৰ আগন্তুক শিৰোনামত থাকিব ৷ যিখন ছবি মূলতঃ "দৈত্য ব্যংগাত্মক" হিচাপে দেখিবলৈ পোৱা যাব বুলি ভিন্ন সূত্ৰত প্ৰকাশ পাইছে ৷ তথাপিও ছবি খনৰ বিষয়ে কোনো বিশেষ তথ্য বৰ্তমানলৈ প্ৰকাশ কৰা নাই নিৰ্মাতা দলে ৷ ছবি উদ্যোগত হোৱা ভিন্ন চৰ্চাৰ পৰা অৱগত হোৱা মতে, নিৰ্মাতাসকলে 2021 চনৰ জানুৱাৰীত তেওঁলোকৰ এই পৰিকল্পনাক আগলৈ আনিব বুলি আশা কৰা হৈছে ৷